আঞ্চলিক
মুছলপুৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল বাকসা জিলাৰ বৰবৰীত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ উল্লেখ্য যে এগৰাকী বৃদ্ধক চোকা অস্ত্ৰৰে নৃশংস ভাবে হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী চন্দু মুৰ্মু ওৰফে মিহি গুণ্ডা৷ চলিত মাহৰ ৭ তাৰিখে বাকসা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তবৰ্তী লেব্ৰা শান্তিপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড। অকলশৰীয়া বৃদ্ধক ঘৰত থকা অৱস্থাতেই কুঠাৰেৰে আঘাত কৰি নৃহংশভাবে হত্যা কৰি পেলাই থৈছিল ঘাতক চন্দু মুৰ্মু ওৰফে মিহিগুণ্ডাই।
আৰু পঢ়িব পাৰিব :দেশত ভয়াৱহ ৰূপত কৰ’না: ১৫ দিনৰ বাবে হ’ব পাৰে লকডাউন
হত্যা হোৱাৰ দিনৰে পৰাই নিৰুদ্দেশ আছিল চন্দু মুৰ্মু । চন্দু মু্ৰ্মুই নিৰুদ্দেশ থকাত সন্দেহ উপজিছিল আৰক্ষীৰ আৰু আটক কৰিছিল ককাইয়েকক। ককাইয়েকক আৰক্ষী জেৰা কৰাত স্বীকাৰ কৰিছিল ভায়েক চন্দু মুৰ্মুই হত্যা কৰা বুলি। আৰু নিশা বাকসাৰ বৰবৰী আৰক্ষীয়ে কুমাৰীকাটা আৰক্ষীৰ সহযোগত দুৰ্গম এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হত্যাকাৰী চন্দু মুৰ্মুক। উল্লেখ্য চন্দু মুৰ্মুই কুঠাৰেৰে কোৱাই কোবাই জুমন মুৰ্মুক শুই থকা অৱস্থাত হত্যা কৰি আত্মগোপন কৰি আছিল ।
আৰু পঢ়িব পাৰিব :আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন
উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভূমি বিবাদৰ কেন্দ্ৰ কৰি কাজিয়াৰ সুত্ৰপাত হৈ আহিছিল। আৰু অৱশেষত এই কাজিয়াৰ পৰিনতি হত্যাকাণ্ড সংঘটিত হয় বুলি আৰক্ষীয়ে মন্তব্য কৰে।
Leave A Comment