• অৱশেষত নিজৰ বাবে কিছু সময়, পৰিয়ালৰ সৈতে কটালে লাভলীনাই

    আঞ্চলিক
    অৱশেষত নিজৰ বাবে কিছু সময়, পৰিয়ালৰ সৈতে কটালে লাভলীনাই

    গোলাঘাটঃ অলিম্পিকৰ পদক জয় কৰি সমগ্ৰ বিশ্ববাসীৰ আপোন হৈ পৰা লাভলীনা বৰগোহাঁই অৱশেষত টকিঅ'ৰ পৰা অসমলৈ অহাৰ পাছৰে পৰা ভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ পৰিছিল। গুৱাহাটীলৈ আহিও প্ৰথমবাৰ নিজৰ ঘৰখনলৈ যাবলৈ সময় পোৱা নাছিল লাভলীনাই।





    বহুদিন বিৰতিৰ পাছত আপোন ঘৰখনলৈ আহি পিতৃ-মাতৃৰ সৈতে এখন ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড কৰিছে অসম গৌৰৱ লাভলনাই। বৰপথাৰৰ বাৰমুখীয়া গাঁওখন এতিয়া সকলোৰে যেন প্রিয়, আৰু সেই গাঁৱতে এতিয়া আপোন ব্যক্তিসকলৰ সৈতে সময় পাৰ কৰিছে লাভলীনাই।





    ফটোখনত লাভলীনাৰ মাতৃ আৰু দুই ভগ্নীও আছে। উল্লেখ্য যে, লাভলীনাৰ দুয়োগৰাকী জ্যেষ্ঠ ভগ্নী সু-খেলুৱৈ আৰু তেওঁলোক বৰ্তমান দুয়ো চৰকাৰী কৰ্মচাৰী।