• অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই

    আঞ্চলিক
    অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই

    ডিব্ৰুগড়: ধেমাজিত দিন দুপৰতে আক্ৰমণৰ বলি হোৱা ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ মৃত্যু ঘটে৷ ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই উপৰ্যুপৰি আক্ৰমণ কৰিছিল দুগৰাকী ছাত্ৰীক৷ মহাবিদ্যালয়ৰ পৰা উভতি যাওঁতে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ৰিণ্টু শৰ্মাই।





    ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল গুৰুতৰভাৱে আহত ছাত্ৰী দুগৰাকী। আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দিয়াৰ অন্তত আজি নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই।





    ছাত্ৰীগৰাকীৰ আশু আৰোগ্যৰ বাবে বিভিন্ন স্থানত প্ৰাৰ্থনা সভাৰো আয়োজন কৰিছিল৷