Spiritual
Horoscope for today Sunday …
Digital Desk: Aries (March 21-April 19)-Spend&nb
শিৱসাগৰঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনৰেপৰা খালী হৈ থকা চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰ পদসমূহ শীৰ্ঘ্ৰে পূৰণ কৰাৰ দাবীত সোমবাৰে অৱস্থান ধৰ্মঘট পালন কৰে জিলাখনৰ আঞ্চলিক ছাত্ৰ সন্থাই। চিকিৎসালয়খনৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। চিকিৎসালয়খনত দীৰ্ঘদিনৰে পৰা বিভিন্ন পদ খালী হৈ থকাত ৰোগীয়ে যথোচিত চিকিৎসা লাভ নকৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৰ বিষয়ববীয়াসকলে।
ইপিনে, শেহতীয়াকৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰিছিল যদিও কেৱল স্বাস্থ্যকৰ্মীক গামোচা পিন্ধাই বাহ:বাহ: লোৱাহে দেখা গ'ল বুলি সমালোচনা কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে। চিকিৎসালয়খনৰ খালীপদসমূহ পূৰণকে ধৰি মূল সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক দাবী জনোৱাৰ পৰিৱৰ্তে কিছুমান নাটকবাজী কৰা বুলি কটাক্ষ কৰে আছু নেতাগৰাকীয়ে।
ইয়াৰ উপৰি শিৱসাগৰ সমষ্টিৰ সমস্যা সমাধানতকৈ বিধায়কগৰাকীয়ে ধুবুৰী, চেঙা সমষ্টিকলৈহে অধিক সৰব হোৱা বুলি সমালোচনা কৰে ‘আছু’-এ। তদুপৰি সমষ্টিৰ সমস্যা সমাধানতকৈ মমতা বেনাৰ্জীৰ লগ হৈ অসমত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখাতহে ব্যস্ত থকা বুলি সমালোচনা কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে।
Leave A Comment