• অৱসৰৰ পৰিকল্পনা কৰা নাইঃ ছানিয়া মিৰ্জা

    আঞ্চলিক
    অৱসৰৰ পৰিকল্পনা কৰা নাইঃ ছানিয়া মিৰ্জা

    ট’কিঅ’ : আগন্তুক ২৩ জুলাইৰপৰা শুভাৰম্ভ হ’ব ট’কিঅ’ অলিম্পিক গেমছৰ। অলিম্পিকৰ মঞ্চত ভাৰতৰ কেইবাগৰাকীও তাৰকাৰ সেই মাহেন্দ্ৰক্ষণৰ বাবে বাট চাইছে দেশবাসীয়ে। দেশৰ হৈ চতুৰ্থবাৰৰ বাবে অলিম্পিক গেমছত অংশ ল’ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই। এই সুখবৰ মাজতে খেলৰ প্ৰাকক্ষণত ৩৪বৰ্ষীয় ক্ৰীড়াবিদগৰাকীৰ অৱসৰৰ প্ৰসংগ উত্থাপিত হৈছে। একাংশৰ মতে অলিম্পিকৰ পাছত টেনিছ তাৰকা ছানিয়া মিৰ্জাই আনুষ্ঠানিক বিদায় লোৱাৰ বু-বু,বা-বা চলিছে।





    অৱশ্যে সামাজিক মাধ্যমৰ জৰিয়তে খেলৰ পৰা বিদায় লোৱাৰ চিন্তা কৰা নাই বুলি জানিবলৈ দিছে ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে। তেওঁ কয়, ‘সঁচা কথা ক’বলৈ গ’লে এতিয়া মোৰ বয়স ৩৪বছৰ। মই নাজানো আৰু কিমান দিনলৈ খেলিব পাৰিম। পুৱা শুৱাপাটি এৰাৰ পাছত এই ভাবনাই মোক বৰকৈ যন্ত্ৰণা দিয়ে। মই নাজানো কালিৰ দিনটো মই পামনে নাই! মোৰ তিনিটা অস্ত্ৰোপচাৰ হৈছে, এটা সন্তানৰো মাতৃ মই। তথাপি মই টেনিছত এশ শতাংশ সময় দিবলৈ চেষ্টা কৰিছো। বৰ্তমান অৱসৰৰ পৰিকল্পনা কৰা নাই। শাৰীৰিকভাৱে মই এতিয়াও সুস্থ। সুস্থ থকা দিনকেইটা খেলি থাকিব বিচাৰো।’


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor