• অ’মিক্ৰনৰ শংকাৰ মাজতে কোহলী বিগ্ৰেডৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ...

    আঞ্চলিক
    অ’মিক্ৰনৰ শংকাৰ মাজতে কোহলী বিগ্ৰেডৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ...

    নতুন দিল্লীঃ অতিমাৰীৰ আশংকাৰ মাজতে ভাৰতীয় দলটোৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে। নতুন প্ৰকাৰৰ ক’ৰ’না ভাইৰাছ অ’মিক্ৰনৰ সৈতে যুঁজিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান দক্ষিণ আফ্ৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ। কোহলী বাহিনীয়ে দক্ষিণ আফ্ৰিকাত ভৰি থোৱাৰ লগে লগে সমগ্ৰ ভাৰতীয় দলটোক এটা সম্পূৰ্ণ জৈৱিক সুৰক্ষাত ৰখা হ'ব বুলিও প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। উল্লেখ্য যে, কোহলী ৰ নেতৃত্বতে ভাৰতে এতিয়া দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে সাজু হৈছে। কিন্তু অ’মিক্ৰন ভাইৰাছে ভূতৰ ওপৰত দানহ পৰা দি তাণ্ডৱ সৃষ্টি কৰাৰ বাবে উদ্বিগ্ন হৈ পৰিছে সকলোৱে। অৱশ্যে, এই ভ্ৰমণ বাতিল নকৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডকো ধন্যবাদ জনাইছে দক্ষিণ আফ্ৰিকাই।









    দক্ষিণ আফ্ৰিকাৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিযোগে কয়, ‘ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুবৈ যাতে সুস্থ হৈ থাকে সেয়া নিশ্চিত কৰিবলৈ আমি যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰিম। ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলৰ বাবে সম্পূৰ্ণ ব্যৱস্থা হাতত লোৱা হ’ব।’ ভাৰতীয় পৰিষদকো ধন্যবাদ জনাই তেওঁলোকে কয়, ‘শেহতীয়াকৈ বহুকেইখন দেশে দক্ষিণ আফ্ৰিকাৰ সৈতে যোগাযোগ বন্ধ কৰি দিছে। ভাৰতীয় ব’ৰ্ডে কিন্তু বিপৰীত ভূমিকা লোৱাহে দেখিবলৈ পোৱা গৈছে। তেওঁলোকক ধন্যবাদ।’ উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰে ১৭ ডিচেম্বৰত প্ৰথম টেষ্টত মুখামুখি হ’ব ভাৰত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে মুঠ ৩খন টেষ্ট, ৩খন এদিনীয়া আৰু ৪খন টি-২০ খেলিব। ভাৰতীয় দলটো ৯ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাত উপস্থিত হ’ব বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।