• আইপিএলত কৰ’না! বাতিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেল

    আঞ্চলিক
    আইপিএলত কৰ’না! বাতিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেল

    আহমেদাবাদ: ৩০ মে’ত সমাপ্ত হ'বলগীয়া চলিত আইপিএল প্ৰায় অন্তিম পৰ্যায়ৰ দিশে| ক'ভিড-বিধি অনুসৰি অতি সতৰ্কতাৰে আইপিএল অনুষ্ঠিত কৰা হৈছিল যদিও তাৰ মাজতে আহিছে এক অপ্ৰত্যাশিত খবৰ| প্ৰাপ্ত তথ্য অনুসৰি, ক'ভিডৰ প্ৰভাৱ পৰিছে চলিত আইপিএলত|





    আৰু পঢ়িব পাৰিব হোজাইৰ শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ





    আহমেদাবাদত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেলখন কৰ’নাৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে| কলকাতা নাইট ৰাইডাৰ্ছৰ দুগৰাকী খেলুৱৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে এই সিদ্ধান্ত আইপিএল কমিটীৰ|





    কলকাতা নাইট ৰাইডাৰ্ছৰ কেইবাগৰাকী খেলুৱৈ বৰ্তমান অসুস্থ| এই তালিকাত পেট কমিঞ্চৰ নামো স্পষ্টভাৱে উল্লেখ কৰা হৈছে| কিন্তু BCCI-এ এতিয়ালৈকে দুগৰাকী খেলুৱৈকহে ক'ভিড-১৯ত আক্ৰান্ত বুলি ঘোষণা কৰিছে|





    আৰু পঢ়িব পাৰিব অভিলেখ! ৬কিঃগ্ৰাঃ ওজনৰ সন্তান জন্ম এগৰাকী মহিলাৰ





    উল্লেখযোগ্য যে, কলকাতা নাইট ৰাইডাৰ্ছে ২৯ এপ্ৰিলত দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল| এতিয়া পৰৱৰ্তী খেলসমূহ অনুষ্ঠিত কৰা হ'ব নে নাই সেই লৈ ব্যাপক অনিশ্চিয়তাই দেখা দিয়া পৰিলক্ষিত হৈছে|