National
নতুন দিল্লীঃ কৰ’না অতিমাৰীৰ বাবে মাজভাগতে বন্ধ কৰি দিয়া হৈছিল আইপিএলৰ চতুৰ্দশ ছিজন। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি বাকী থকা টুৰ্নামেণ্টকেইখন আমিৰশাহিলৈ স্থানান্তৰ কৰা হৈছে। দ্বিতীয় আইপিএলৰ আৰম্ভণিৰ দুটা দিন পাৰ হওতেই আহি পৰিছে পুনৰ এক দুঃসংবাদ। এইবাৰ কৰ’নাক্ৰান্ত হায়দৰাবাদৰ খেলুৱৈ টি নটৰাজন। বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ কথা আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ। কিন্তু খেলৰ পূৰ্বেই হায়দৰাবাদ শিবিৰত আলাই-আথানি। উল্লেখ্য যে, মঙলবাৰে আৰটিপিচিআৰ টেষ্ট কৰা হৈছিল খেলুৱৈগৰাকীৰ। বুধবাৰে ক’ভিড পজিটিভৰ উপস্থিতি ধৰা পৰে নটৰাজনৰ।
কৰ’নাক্ৰান্ত হোৱাৰ পাছতে আইছ’লেশ্যনত ৰখা হৈছে খেলুৱৈগৰাকীক। নটৰাজন কৰ’নাক্ৰান্ত হোৱাৰ পাছতে দলটোৰ প্ৰতিগৰাকী সদস্যৰে ক’ভিড পৰীক্ষা কৰা হয়। বাকী সদস্য সকলৰ কৰ’না ফলাফল নিগেটিভ অহাত বুধবাৰৰ হাইভল্টেজ খেলখন নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে আয়োজক কমিটীয়ে। নটৰাজনৰ ঘনিষ্ঠ সম্পৰ্কলৈ অহা ছানৰাইজাৰ্ছ হাদদৰাবাদৰ ৬জন খেলুৱৈক আইছ’লেশ্যনত ৰখা হৈছে। খেলুৱৈ কেইজন হৈছে, বিজয় শংকৰ, দলটোৰ মেনেজাৰ বিজয় কুমাৰ, ফিজিঅ'থেৰাপিষ্ট শ্যাম সুন্দৰ, চিকিৎসক অঞ্জনা ভান্নন, লজিষ্টিক মেনেজাৰ তুষাৰ খেদকাৰ আৰু নেট বলাৰ পেৰিয়াস্বামী গণেশন।
Leave A Comment