• আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ...

    আঞ্চলিক
    আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ...

    লণ্ডন : আঘাতৰ সমস্যা পেচাদাৰী খেলুৱৈ এজনৰ কাৰণে নতুন কথা নহয়। কিন্তু গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পৰা আধাতে বাহিৰ হ’বলগীয়া হোৱাটো নিসন্দেহে অতি দুৰ্ভাগ্যজনক। এইবাৰ আঘাতৰ সমস্যাৰ বাবে আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা বেগী বলাৰ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেগী বলাৰ টি নটৰাজন বাহিৰ হৈ আইপিএলৰ পৰা।





    আৰু পঢ়িব পাৰিব: ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও





    আঘাতৰ সমস্যাৰ বাবেই ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণৰ পৰা বিৰত আছিল নটৰাজন। চলিত আইপিএলত নটৰাজনে দুখন খেলত অংশগ্ৰহণ কৰি ২টাকৈ উইকেট পাবলৈ সক্ষম হৈছিল। কিন্তু মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছৰ বিৰুদ্ধে নটৰাজনৰ পৰিৱৰ্তে খলিল আহমেদক দলত অন্তৰ্ভুক্ত কৰা হয়।





    আৰু পঢ়িব পাৰিব: সৰ্ববৃহৎ বিবাহ বিচ্ছেদ, ক্ষতিপূৰণৰ পৰিমাণে চকু কপালত তুলিব আপোনাৰো!





    আঁঠুৰ আঘাতৰ বাবে পৰৱৰ্তী খেলসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিব খেলুৱৈগৰাকীয়ে। এই কথা প্ৰকাশ কৰিছে টীম মেনেজমেণ্টে। উল্লেখ্য যে, চলিত আইপিএলত এইপৰ্যন্ত চাৰিখন খেলৰ ভিতৰত মাত্ৰ এখনতহে জয়ৰ মুখ দেখিছে দলটোৱে।