• আইপিএলৰ বাকী কেইখন খেল নেখেলে ক্ৰিছ গেইলে

    আঞ্চলিক
    আইপিএলৰ বাকী কেইখন খেল নেখেলে ক্ৰিছ গেইলে

    ডিজিটেল ডেস্কঃ চলি আছে আইপিএলৰ দ্বিতীয় অংশ৷ কিন্তু পঞ্জাব কিংছৰ সমৰ্থকৰ বাবে আছে এই বেয়া খবৰটো। আইপিএলৰ বাকী কেইখন খেলত দেখা নাপাব কেৰিবিয়ান বেটছমেন ক্ৰিছ গেইলক। আইপিএলৰ বাকী কেইখন খেলত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে তাৰকা খেলুৱৈগৰাকীয়ে। শেহতীয়াকৈ কেইবাটাও প্ৰতিযোগিতাত একেৰাহে অংশগ্ৰহণ কৰিছে গেইলে। একেৰাহে নিজৰ দল ৱেষ্ট ইণ্ডিজৰ উপৰি কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলিছে খেলুৱৈগৰাকীয়ে। তাৰ পাছতে পোনে পোনে আহি আইপিএলত অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে।





    গেইলৰ সিদ্ধান্তক আদৰণি জনাইছে পঞ্জাব কিংছৰ মুখ্য প্ৰশিক্ষক আৰু ক্ৰিকেট সঞ্চালক অনিল কুম্বলেয়ে




    সেয়ে তেওঁ ভাগৰ অনুভৱ কৰিছে। ইফালে কেইসপ্তাহমানৰ ভিতৰতে ইউ এইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ঘৰুৱা ৱেষ্ট ইণ্ডিজ দলক প্ৰতিনিধিত্ব কৰিব গেইলে। যাৰ বাবে তেওঁ বিশ্বকাপৰ পূৰ্বে ডুবাইত থাকি নিজকেমানসিকভাৱে প্ৰস্তুত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাবৰ খেলখনৰ পূৰ্বে গেইলৰ এই ঘোষণাই এতিয়া সৰ্বত্ৰে চৰ্চালাভ কৰিছে। চলিত আইপিএলত গেইলে দহখন খেলত পঞ্জাব কিংছৰ হৈ ১২৫.৩২ ষ্ট্ৰাইক ৰেটত ২১.৪৪ গড়ে ১৯৩ ৰাণসংগ্ৰহ কৰিছে।





    তেওঁ বিশ্বকাপৰ পূৰ্বে ডুবাইত থাকি নিজকেমানসিকভাৱে প্ৰস্তুত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে




    গেইলে উল্লেখ কৰা মতে তেওঁ বিগত কেইমাহমানৰ পৰা একেৰাহে নিজৰ ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ, চি পিএল আৰু তাৰ পাছত আই পি এলত অংশগ্ৰহণ কৰিছে। সেয়ে তেওঁ মানসিকভাৱে প্ৰস্তুত হ’ব বিচাৰিছে।কিয়নো আহি থকা টি-২০ বিশ্বকাপত তেওঁ নিজৰ দলটোক সহায় কৰিব বিচাৰে। পঞ্জাব কিংছে তেওঁৰ এই অনুৰোধ মানি লোৱাৰ বাবে পঞ্জাব কিংছক ধন্যবাদ জ্ঞাপন কৰে গেইলে। তেওঁ উল্লেখ কৰা মতে দলটোৰ প্ৰতি তেওঁৰ মৰম আৰু গুৰুত্ব সদায় থাকিব। লগতে আহি থকা খেল কেইখনত দলটোৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে গেইলে। ইফালে গেইলৰ সিদ্ধান্তক আদৰণি জনাইছে পঞ্জাব কিংছৰ মুখ্য প্ৰশিক্ষক আৰু ক্ৰিকেট সঞ্চালক অনিল কুম্বলেয়ে। তেওঁ কয় যে, গেইলৰ বিৰুদ্ধে তেওঁ খেলিছে আৰু বিগত এবছৰ ধৰি পৰিয়ালৰ দৰে তেওঁক লগ পাইছে। সেয়ে তেওঁ বিশ্বকাপৰ প্ৰাকক্ষণত নিজৰ ঘৰুৱা দলটোৰ বাবে যি সিদ্ধান্ত লৈছে তাক সন্মান জনাইছে অনিল কুম্বলেয়ে। পঞ্জাব কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ মেননেও ক্ৰিছ গেইলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, তেওঁক দলে সকলোধৰণৰ সমৰ্থন আগবঢ়াইছে আৰু তেওঁৰ সফলতাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে। উল্লেখ্য যে, এঘাৰখন খেলৰ ভিতৰত আঠ পইণ্টৰ সৈতে পঞ্জাব দলটো পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে।