Regional
Amitabh Sharma, a spokesperson for Indian Railways, stated on June 3 that the rescue operations at the terrible triple train collision scene...
গুৱাহাটী : পুনৰ উত্তপ্ত হোৱাৰ দিশে অসম-মেঘালয় সীমাঞ্চল। সীমান্তত সংঘাতৰ আশংকাই এতিয়া একপ্ৰাকৰ শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি কৰিছে অঞ্চলটোত। অসম-মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলত পুনৰ উত্তেজনা। প্ৰায় তিনি শতাধিক খাচী লোকে উমলাফেৰ অঞ্চলত চলাইছে তাণ্ডৱ।
৩০/৪০খন গাড়ী দীঘলীয়া শাৰীৰে অসমত প্ৰৱেশ কৰিছে মেঘালয়ৰ খাচী লোকে৷ এইসকল খাচী লোকৰ প্ৰৱেশক লৈ সীমান্তবাসী ভুগিছে নিৰাপত্তাহীনতাত। খাচীলোকৰ প্ৰৱেশত অসমৰ লোকে বাধা দিয়াৰ চেষ্টা কৰিছে আৰু এনে পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে৷
অসম আৰক্ষীয়ে মেঘালয়ৰ ওচৰত নতশিৰ হৈ উমলাফেৰত স্থাপন কৰা পহৰা চকীত নিয়োজিত আৰক্ষীৰ লোকসকলে সকলো বয়-বস্তু গাড়ীত উঠাই পহৰা চকী ত্যাগ কৰাৰ পাছতেই পুনৰ প্ৰৱেশ কৰিছে বৃহৎ সংখ্যক খাচী লোকে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ বৃহৎ এটা দল ৰাওনা হৈছে উমলাফেৰলৈ।
Leave A Comment