International
Digital Desk : Prime Minister Narendra Modi on Saturday arrived in Kuwait for a 2-day visit. His visit will strengthen the India-Kuwait friendship across various sectors. He thanked the Gulf country and expressed
ডিজিটেল : হাফপেণ্ট বিতৰ্কই এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া। ছাত্ৰী এগৰাকীৰ পৰীক্ষাত বহাৰ যোগ্যতাৰ তালিকাত তেওঁৰ পোচাকো সন্নিৱিষ্ট হোৱা বুলি এই হাফপেণ্ট বিতৰ্কক নতুন মাত্ৰা দিয়া হৈছে। কথাটো আছিল এনেধৰণৰ, বিশ্বনাথৰ এগৰাকী ছাত্ৰীয়ে তেজপুৰৰ জি আই এম টিত অনুষ্ঠিত কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈ গৈছিল। কিন্তু পৰীক্ষাহলত তেওঁক বাধা দিয়া হ’ল এক অবাঞ্চিত কাৰণত। পৰীক্ষকে তেওঁক পৰীক্ষাহলত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণ হিচাপে জনালে যে, তেওঁ হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ আহিছে। নানা বাক-বিতণ্ডা আৰু যুক্তি-তৰ্কৰ পাছত এটা সমাধান ওলাল যে, তেওঁ পৰীক্ষা দিব পাৰিব কিন্তু উন্মুক্ত হৈ থকা ভৰি দুখন ঢাকিহে। কথা মতেই পৰ্দা এখনেৰে দুভৰি ঢাকি পৰীক্ষা দিবলৈ দিয়া হ’ল ছাত্ৰীগৰাকীক।
এয়া সমীচিন হ’লনে? ছাত্ৰীগৰাকীৰ ভৰি দুখন ওলাই থকা হ’লে পৰীক্ষা গৃহৰ সৌষ্ঠৱ আৰু পবিত্ৰতা নষ্ট হ’লহেঁতেন নেকি? এই প্ৰশ্ন ল’ৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’লহেঁতেন নে? সংস্কৃতি আৰু শালীনতা ৰক্ষা কৰা নকৰাটো নাৰীৰেই একচেতীয়া দায়িত্ব নেকি? নাৰীৰ অংগক মানৱ অংগ হিচাপেই গণ্য কৰাৰ প্ৰৱণতা এটা এতিয়াও আমাৰ মাজত গঢ় লৈ উঠা নাই নেকি? এনে ভালেমান প্ৰশ্নই এতিয়া ছ’চিয়েল মিডিয়াত তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। বহুতেই ছাত্ৰীগৰাকীৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰা বিপৰীতে বহুতেই শালীনতা আৰু সংস্কাৰৰ প্ৰসংগও উত্থাপন কৰিছে।
এগৰাকী তৰুণ কবি কোকিল শইকীয়াই ফেচবুকত লিখিছে, হাফপেন্ট কিদৰে অমাৰ্জিত পোচাক? ল'ৰাই পিন্ধি গ'লে আপত্তি নাই আৰু ছোৱালীয়ে পিন্ধি গ'লে অমাৰ্জিত? চাদৰ মেখেলা পিন্ধি সংস্কৃতি ৰক্ষাৰ ঠিকাটো কেৱল নাৰী জাতিটোৰ নেকি? হাফপেন্ট পিন্ধাত আপত্তি কেলেই? ভৰি দুটা দেখি থাকে বাবে? ভৰি দুটা দেখি থকাত আপত্তি কি? জীৱনত কোনেও ভৰি দেখি পোৱা নাই নেকি? নে ছোৱালীৰ ভৰি দেখিলে কাৰোবাৰ চকুৰ পবিত্ৰতা নষ্ট হয়? যিটো পৰীক্ষাত কোনো ড্ৰেচ ক’ডৰ বাধ্যবাধকতা নাছিলেই সেই পৰীক্ষাত হাফপেন্ট কেনেদৰে নীতি বৰ্হিভূত হ'বলৈ পালে?
আনহাতে তাৰ বিপৰীতে যুক্তি প্ৰদৰ্শন কৰি অধ্যাপিকা ৰঞ্জনা ভট্টাচাৰ্যই লিখিছে, স্বাধীনতা, অধিকাৰৰ নামত অনুশাসন, সংস্কাৰ আদি দলিয়াই পেলোৱাৰ প্ৰৱণতাই গা কৰি উঠিলে 'হাফপেন্ট'ক লৈ এনে ঘটনা হোৱাটো আচৰিত নহয়।মান্ধাতা যুগৰ এলান্ধুকলীয়া মনোবৃত্তিৰ গোড়া মানসিকতাৰ ঠেক চিন্তাধাৰাৰ মানুহ হিচাপে মোক ভাবিলেও ভাবক, তথাপি কম সাধাৰণ জ্ঞান থকা মানুহে নৈশ পোছাকযোৰ পিন্ধি ৰাজহুৱা স্থানলৈ নোলায়, লুঙীখন পিন্ধি অফিচলৈ নেযায়, পাটৰ কাপোৰ এসাজ পিন্ধি শুবলৈ নেযায়, গহনা-গাঠৰি পিন্ধি খেলিবলৈ নেযায়, গেঞ্জি পিন্ধি পাঠদান কৰিবলৈ নেযায়, হাফপেন্ট পিন্ধি হোমৰ গুৰিত নবহে। এইবোৰ কোনেও কাকো বাধ্য কৰা কথা নহয়। কোনেও কাকো হকা-বাধা কৰা কথাও নহয়। সাধাৰণ জানিবলগীয়া কথা,Sipmple Common Sense…
ঈপ্সিতা প্ৰিয়ম পূজাৰীয়ে এই বিতৰ্কৰ আঁত ধৰি লিখিছে… এইখন অসমতে মহানগৰীৰ মাজ মজিয়াত এটা সময়ত এজনী ছোৱালীক বিবস্ত্ৰা কৰা হৈছিল, তেতিয়া সহায় কৰিবলৈ মানুহ নাছিল কোনো। আৰু এতিয়া কাপোৰ পিন্ধি থকা ছোৱালী এজনীক পৰ্দাৰে ঢাকিবলৈ ইমান তত্ হেৰাইছে মানুহে! একেদৰে সুজাতা হাতীবৰুৱাই সমগ্ৰ বিতৰ্কক কটাক্ষ কৰি লিখিছে, ছোৱালীবোৰ; বিশেষকৈ অসমত; জন্ম হোৱাৰ সময়তেই মেখেলা-চাদৰ পিন্ধি জন্ম পাব লাগেহে। এইটো নিয়ম কৰি দিব লাগে যে মেখেলা-চাদৰ নিপিন্ধিলে জন্ম হ'ব নোৱাৰে। জন্মৰ সময়ৰ পৰাই মেখেলা-চাদৰ পিন্ধাৰ অভ্যাস থাকিলে চৰকাৰী স্কুলত, চাকৰি কৰোঁতে, বিয়াৰ পাছত গেলা গৰমত ঘৰতো ছোৱালী-বোৱাৰীবোৰে মেখেলা-চাদৰ পিন্ধিবলৈ অসুবিধা নাপাব লগতে আৰু বেছি ভাল হ'ব সংস্কৃতি।
নতুন দিল্লীৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিৰ্ময় তালুকদাৰে ইংগিতপূৰ্ণভাৱে লিখিছে, অসম মুলুকত কাপোৰৰ পৰীক্ষা পাছ কৰিলেহে জ্ঞানৰ পৰীক্ষাত বহিব পাৰি। একেদৰে সাংবাদিক ৰক্তিম বৰুৱাই লিখিছে, প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত খেলিমেলি লগোৱা সেই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ অভিভাৱকে গোচৰ ৰুজু কৰা উচিত৷ কাৰণ মাৰ্জিত সাজ-পাৰৰ ক্ষেত্ৰত কোনো ক’ড ভাৰতৰ আইন ব্যৱস্থাই বান্ধি দিয়া নাই৷
ইফালে অৰ্ণৱ জ্যোতি আৰ্য্যই লিখিছে, চুটি কাপোৰ সমস্যা নহয়। সমস্যা হ'ব নালাগেও। চুটি কাপোৰ পিন্ধাজনৰ মানসিকতা কেনে সেয়া গুৰুত্বপূৰ্ণ। লগতে চুটি কাপোৰ পিন্ধাজনৰ কথা কোৱাজনৰ মানসিকতা কেনে সেয়াও গুৰুত্বপূৰ্ণ। মৰেলিটি দেখুৱাব যায় অসমীয়াই মৰেল পুলিছিং কৰি ইম্মৰেল হোৱাটো নতুন কথা নহয়। হাফপেন্ট পিন্ধি যোৱা বাবে ছোৱালী এজনীক পৰীক্ষা দিবলৈ বাধা দিয়া কাৰ্যই দুখ দিছে। কিন্তু তেওঁ বাস কৰা সমাজখনৰ সংস্কাৰ কেনেকুৱা এইবিষয়ে তেওঁৰ অজ্ঞানতাইও দুখ দিছে। আনহাতে ছাত্ৰীগৰাকীক মৃদু সমালোচনা কৰা স্বৰো শুনিবলৈ পোৱা গৈছে ছ’চিয়েল মিডিয়াত।
মণ্টু শৰ্মাই লিখিছে, মাৰ্জিত, শালীনতা, শিষ্টাচাৰ এই শব্দবিলাকৰ সৈতে পৰিচয় হৈ লোৱাটো প্ৰয়োজনীয়। ভাষা জ্ঞান থকাটো ভাল কথা, কিন্তু স্থান অনুযায়ী ব্যৱহাৰ কৰিব লাগে। অভিভাৱকেই যেতিয়া এই সাধাৰণ কথাখিনি নাজানে গতিকে কিনো কবা। বিদ্যামন্দিৰ বুলি মানুহে এনেয়ে ফুৰ্তিতে নকয় অ’ আইজনী। অকণমান নিজেও বুজি পাব লাগে।
আনহাতে, এই বিতৰ্ক সন্দৰ্ভত সৰস প্ৰতিক্ৰিয়াৰে দুলু শইকীয়াই লিখিছে, হাফপেণ্টৰ সপক্ষে-বিপক্ষে ইমান যুক্তি-তৰ্ক দেখিলো যে, নিজৰ হাফপেণ্টটো খুলি লুঙী পিন্ধি লৈছোঁ।
এনে সৰস চৰ্চা, উত্তেজনা, যুক্তিনিষ্ঠতাৰ মাজত আন বহু বিষয়ৰ দৰে এই প্ৰসংগও হয়তো হেৰাই যাব কিন্তু ছাত্ৰীগৰাকীৰ মানসিক অৱস্থাক যাতে এনে বিতৰ্কই প্ৰভাৱিত নকৰে তাৰ বাবে সকলো সগাত-সচেতন হ’ব লাগিব। লগতে আমিও নিজকে প্ৰশ্ন কৰিব লাগিব যে, কেৱল পোছাকৰ আধাৰতে এগৰাকী মহিলাৰ চৰিত্ৰ আৰু সংস্কাৰ চিহ্নিত কৰাৰ দৰে মানসিকতাক আমি সলনি কৰাৰ সময় আহিছে নেকি? এই প্ৰশ্নৰ উত্তৰ কমেণ্ট বক্সত আপুনিও আমাক দিব পাৰে।
Leave A Comment