National
নটিংহাম : ইংলেণ্ডত ভাৰতৰ বাবে পুনৰ এক ডাঙৰ আঘাত। অপেনাৰ মায়ং আগৰৱালে প্ৰথমখন টেষ্ট শৃংখলাত খেলিব নোৱাৰিব। সোমবাৰে নেট অনুশীলনৰ সময়ত মায়ংক আগৰৱালৰ মূৰত বাউঞ্চাৰৰ আঘাত পাইছিল। চিকিৎসকৰ মতে প্ৰাথমিক পৰীক্ষাৰ পিছত তেওঁৰ আঘাত ইমান গুৰুতৰ নহয় কিন্তু মূৰৰ আঘাতৰ বাবে মায়ংক আগৰৱালৰ নাম প্ৰত্যাহাৰ কৰা হৈছে।
ইংলেণ্ড বিৰুদ্ধে টেষ্ট শৃংখলা ৪ আগষ্টৰ পৰা আৰম্ভ হ'ব। ৫খন টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত অপেনাৰজন দলৰ বাহিৰত থাকিব। জানিবলৈ পোৱা মতে, আজি ৰাতিপুৱা নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত নেট ছেচনত মায়ংকৰ হেলমেটত আঘাত কৰিছিল সতীৰ্থ মহম্মদ ছিৰাজৰ বাউঞ্চাৰে। চিকিৎসকে ৩০ বছৰীয়া ক্ৰিকেটাৰজনৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত ডাঙৰ বিপদ দেখা নাপালেও তেওঁক পৰ্যৱেক্ষণত ৰাখিবলৈ পৰামৰ্শ দিয়ে।
ইংলেণ্ড- ভাৰতৰ খেল আৰম্ভ হ’বলৈ মাজত মাথো এটা দিন। প্ৰথমে ক’ৰ’না আৰু এতিয়া আঘাতপ্ৰাপ্ত ভাৰতীয় দল। শুভমান গীলৰ পাছত মায়ংকৰ প্ৰস্থান ভাৰতৰ বাবে এক ডাঙৰ আঘাত। এতিয়া কে এল ৰাহুলৰ নাম অপেনাৰ হিচাপে উত্থাপিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰস্তুতি খেলখনত কে এল ৰাহুলৰ বাহিৰে আন কোনোৱে আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাব পৰা নাছিল। ফলস্বৰূপে, বেটিং লাইনক লৈ চিন্তিত ভাৰত। এণ্ডাৰছন আৰু ব্ৰড’ৰ মুখামুখি হোৱাটো আঘাতপ্ৰাপ্ত দলটোৰ বাবে এক প্ৰত্যাহ্বান হৈ দেখা দিছে। কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোৱে এই প্ৰত্যাহ্বান নেওচি কিদৰে অগ্ৰসৰ হয় সেয়াহে লক্ষ্যণীয় হ’ব।
Leave A Comment