• আছুৰ উদ্যোগত শ্বহীদ ন্যাসত ড° নিৰু হাজৰিকালৈ শ্ৰদ্ধাৰ্ঘ

    আঞ্চলিক
    আছুৰ উদ্যোগত শ্বহীদ ন্যাসত ড° নিৰু হাজৰিকালৈ শ্ৰদ্ধাৰ্ঘ

    গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ন্যাসত বিশিষ্ট শিক্ষাবিদ তথা ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ ৰাজনৈতিক বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° নিৰু হাজৰিকালৈ শ্ৰদ্ধাৰ্ঘ নিৱেদন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২৫ জুলাইত ইহলীলা সম্বৰণ কৰিছিল শিক্ষাবিদগৰাকীয়ে।





    অনুষ্ঠানত উপস্থিত আছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। নিৰু হাজৰিকাৰ প্ৰিয় ছাত্র আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসমকন্যা লাভলীনা বৰগোহাঁইৰ সাফল্যত উৎসাহ আৰু সোণৰ পদক লাভৰ কৰিব বুলি বিশ্বাসী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।






    পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত সভাপতি দীপাংক কুমাৰ নাথে মন্তব্য কৰে যে, যিসকল ছাত্ৰ-ছাত্ৰী এই মূল্যাংকনত সন্তুষ্ট নহয়, তেওঁলোকৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে পৰীক্ষা দিব পাৰিব। বেটাৰমেন দিয়া অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে দীপাংক নাথে।