Sci & Tech
গুৱাহাটী : দেশৰ স্বাধীনতা সংগ্ৰামত ত্যাগৰ মহত্বৰে উদ্ভাসিত হৈ উঠা মুক্তিযুঁজাৰুসকলক স্মৰণ কৰাৰ বাবে অৰ্ধসামৰিক বাহিনীয়ে আজি দেশজুৰি পালন কৰিছে 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচী৷ স্বাধীনতাৰ ৭৫বছৰ অতিক্ৰমৰ পাছত যিসকল নায়কে স্বতন্ত্ৰতাৰ সৌভাগ্য দেশক প্ৰদান কৰিলে সেইসকলক শ্ৰদ্ধাৰ্ঘ নিবেদনৰ বাবে এই বিশেষ দিনটো পালন কৰা হৈছে৷
'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে সমগ্ৰ দেশতে উলিওৱা হৈছে চাইকেল ৰেলী৷ ইয়াৰ বাবে জম্মু-কাশ্মীৰৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ, গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ, অসমৰ যোৰহাটৰ আৰু গুৱাহাটীৰ পৰা ৰাজঘাটলৈ, কন্যাকুমাৰীৰ পৰা নতুন দিল্লীৰ ৰাজঘাটলৈ উলিওৱা হৈছে চাইৰেল ৰেলী৷ গুৱাহাটী মহানগৰীৰ চাইকেল ৰেলী অনুষ্ঠানত মুখ্য অতিথিৰ হিচাপে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা৷
লগতে উপস্থিত থাকে অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াসকল৷ অৰ্ধসামৰিক বাহিনীৰ ত্যাগ আৰু কষ্টৰ কথা প্ৰকাশ কৰি প্ৰশংসাত পঞ্চমুখ হয় বিমল বৰা। গুৱাহাটীৰ এই অনুষ্ঠানত ৫০গৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানে ভাগ লয়। ২ অক্টোবৰত দিল্লীত গৈ উপস্থিত হ'ব অসমৰ এই দলটো৷ প্ৰথম ভাগত যোৰহাটৰ পৰা গুৱাহাটীত আহি উপস্থিত হয় দলটো৷ আনহাতে দ্বিতীয় ভাগত গুৱাহাটীৰ পৰা শিলিগুৰিলৈ দলটো যাব বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বৰাই অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷
Leave A Comment