International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
গুৱাহাটী: আজিৰেপৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈ পাৰত সভাৰ বাবে সজাই তোলা হৈছে আটকধুনীয়া পেণ্ডেল। মধ্যমখণ্ডস্থিত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাৰ প্ৰাংগণত সাজু কৰা হৈছে ২৬ হাজাৰ বৰ্গ ফুটৰ এটা বিশাল পেণ্ডেল।
দুদিনীয়া কাৰ্যনিৰ্বাহকত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ, মন্ত্ৰী, বিধায়কসকলকে ধৰি ৰাজ্যৰ ৬০০ শতাধিক বিষয়ববীয়া অংশগ্ৰহণ কৰিব।
ইতিমধ্যে সভাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে৷ আগন্তুক দিনৰ বিজেপিৰ কাৰ্যক্ৰমনীকা এই সভাতে পাঠ কৰা হ'ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই জানিবলৈ দিয়ে৷ লগতে আগন্তুক বিধানসভা উপ-নিৰ্বাচনত বিজেপিয়ে কিদৰে আগবাঢ়িব তাক লৈ আলোচনা হোৱাৰ ইংগিত দিয়ে এই সভাত৷
Leave A Comment