• আজিৰ পৰা কাৰ্যকৰী নতুন এছঅ'পি : দেওবাৰে মৃত্যু ৩৭জনৰ

    আঞ্চলিক
    আজিৰ পৰা কাৰ্যকৰী নতুন এছঅ'পি : দেওবাৰে মৃত্যু ৩৭জনৰ

    গুৱাহাটী : আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হৈছে নতুন ক'ভিড নীতি-নিৰ্দেশনা৷ তিনিখন জিলা আৰু এটা মহকুমাত ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱা হেতুকে সম্পূৰ্ণ কন্টেইমেন্ট জ'ন ঘোষণা কৰে৷ গোৱালাপাৰা-বিশ্বনাথ-মৰিগাঁও আৰু গোলাঘাটৰ বোকাখাত মহকুমাত এসপ্তাহলৈ লকডাউন ঘোষণা৷





    আৰু পঢ়িব পাৰিব : মাছ ধৰিবলৈ যোৱা নাবালিকাক যৌন নিৰ্যাতন ! আটক অভিযুক্ত





    ইয়াৰ উপৰি বিভিন্ন জিলাৰ ২৪৭টা হটস্পট অঞ্চলক অৱৰুদ্ধক্ষেত্ৰ ঘোষণা কৰে৷ অৱৰুদ্ধক্ষেত্ৰত বিনা কাৰণত ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কামৰূপ (মেট্ৰ’)সহ ১০ জিলাত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন আৰু ১০ জিলাত আবেলি ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷





    আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ে প্ৰাণ ল’লে মহিলাৰ!





    আনহাতে, ৰাজ্যত কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস পাইছে পূৰ্বৰ তুলনাত৷ ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় ১,৫২৩ জন৷ ইয়াৰে গুৱাহাটীত কালি আক্ৰান্ত হয় ১৪৯ জন লোক৷ কালিৰ দিনটোত অসমত মৃত্যু হয় ৩৭ জনৰ৷ দেওবাৰে কৰ’নাত আক্ৰান্তৰ হাৰ ২.৭৬ শতাংশ আৰু ৫৫,১৩১ জন লোকক কৰ’না পৰীক্ষা সম্পন্ন৷