Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
কোকৰাঝাৰ : আজি আত্মসমৰ্পণ কৰিব এনএলএফবিৰ মুৰব্বী এম বাথা ওৰফে বিন্দো মুচাহাৰীয়ে৷ ওদালগুৰিৰ মাজবাটত আত্মসমৰ্পণ কৰিব বাথাই৷ ভূটান সীমান্তৱৰ্তী লালপানী থানা এলেকাত কৰিব আত্মসমৰ্পণ৷ বাথাৰ সৈতে আন বহু কেডাৰৰ অস্ত্ৰ সম্বৰণৰ সম্ভাৱনা আছে৷ কিছুদিন পূৰ্বে নিহত হৈছিল বাথাৰ সংগী জৈফৰ্ছ৷
আনহাতে নুনমাটিত গ্ৰেপ্তাৰ হৈছিল দীপক চৌধুৰী নামৰ কেডাৰ এজন৷ মাজবাটত সংঘৰ্ষত নিহত হৈছিল জৈফৰ্ছ৷ উল্লেখ্য যে, এনডিএফবিৰ পৰা আত্মসমৰ্পণ কৰি বিটিআৰ চুক্তি চাক্ষৰ হোৱাৰ পাছতেই পুনৰ জংঘললৈ গৈ এনএলএফবি নামৰ এটা বিদ্ৰোহী সংগঠন গঠন কৰিছিল এম বাথাই ৷ প্ৰায় ২ হাজাৰ সদস্যক জংঘলতে প্ৰশিক্ষণ দিছিল বাথাই ৷ এনএলএফবিৰ সম্পাদক জৈফৰ্ছে গুৱাহাটীত বাহৰ পাতি চলাই গৈছিল সংগঠনৰ কাম কাজ ৷ পেচাত ৰেপিড' চলাই সদস্য ভৰ্তিৰ কামত লাগি আছিল জে ফ'ৰ্চে ৷ জে ফৰ্চক ক্ৰাইম ব্ৰাঞ্চে নুনমাটীৰ পৰা গ্ৰেপ্তাৰ কৰি গটাইছিল ওদালগুৰী আৰক্ষীক ৷
বৰোভূমিত বৃদ্ধি পোৱা এনএলএফবিৰ দপদপনিৰ বিৰুদ্ধে নিয়াই এটা গোচৰ ৰুজু কৰিছিল ৷ শেষত বাথাৰ সন্ধান দিওদালৈ ১০ লাখৰ পুৰষ্কাৰো ঘোষণা কৰিছিল নিয়াই ৷ আৰু তাৰ পিছতেই বাথাৰ সন্ধানত উঠি পৰি লাগিছিল অসম আৰক্ষীৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় এজেঞ্চীয়ে ৷ অৱশেষত আহিল সেই খবৰটো ৷ বাথাই আত্মসমৰ্পন কৰিব ৷ আজি ওদালগুৰীত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা বাথাৰ ৷ বাথাৰ লগতে এনএলএফবিৰ অন্য ৬০ জনকৈ কেদাৰেও আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা ৷
Leave A Comment