গুৱাহাটী : আজি কাৰ্গিল বিজয় দিৱস৷ ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই৷ প্ৰায় ৬০ দিন ধৰি শত্ৰুৰ বিৰুদ্ধে যুঁজিছিল ভাৰতীয় সেনাই৷ দেশমাতৃৰ হকে যুদ্ধ কৰি শ্বহীদ হৈছিল বহু বীৰ জোৱান৷ সেইসকল শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশজুৰি আজিৰ দিনটোত পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস৷
গুৱাহাটীৰ দীঘলী পুখুৰীৰ ৱাৰ মেমৰিয়েলতো কাৰ্গিল দিৱসৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি আজিৰ দিনটো গৌৰৱ আৰু সমন্বয়ৰ দিন বুলি মত প্ৰকাশ কৰে৷
এই অনুষ্ঠানতে শ্বহীদ জিন্টু গগৈৰ পিতৃক লগ পোৱাৰ সৌভাগ্য হ’ল বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনাই আৰু ভাল কাম কৰিব বুলি আশা ব্যক্ত কৰে৷ শ্বহীদ জিন্টু গগৈৰ ঘৰলৈ যোৱা পথচোৱা শীঘ্ৰে মেৰামতি কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে৷
Leave A Comment