• আজি প্ৰচাৰ শেষ: কৃষ্ণচূড়াৰ দেশত আঘোণৰ শীততো নিৰ্বাচনৰ গৰম বতাহ

    আঞ্চলিক
    আজি প্ৰচাৰ শেষ: কৃষ্ণচূড়াৰ দেশত আঘোণৰ শীততো নিৰ্বাচনৰ গৰম বতাহ

    ডিজিটেল ডেস্ক: ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া প্ৰাণচঞ্চল পৰিৱেশ৷ আৱাসে আৱাসে চলিছে তৎপৰতা৷ অহা ৩০ নৱেম্বৰত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'ব ২০২১-২২ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ৷





    স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদৰ বাবে তিনিগৰাকী, সভাপতি পদৰ বাবে দুগৰাকী, উপ-সভাপতি পদৰ বাবে চাৰিগৰাকী, সহকাৰী সম্পাদক পদৰ বাবে তিনিগৰাকী, সাংস্কৃতিক সম্পাদক পদৰ বাবে দুগৰাকী, সংগীত সম্পাদকৰ বাবে তিনিগৰাকী, সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক পদৰ বাবে, তৰ্ক আৰু আলোচনা সম্পাদক পদৰ বাবে দুগৰাকী, লঘু ক্ৰীড়া সম্পাদক পদৰ বাবে দুগৰাকী, ছাত্ৰ জিৰণি চ'ৰাৰ সম্পাদক পদৰ বাবে দুগৰাকী, ছাত্ৰী জিৰণি চ'ৰাৰ বাবে দুগৰাকী, শৰীৰচৰ্চা সম্পাদক পদৰ বাবে দুগৰাকী আৰু সমাজসেৱা পদৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিকি শৰ্মা, জিতু কলিতা আৰু ৰাজদীপ বৰুৱাই৷ একেদৰে সভাপতি পদৰ বাবে হেমেন কলিতা, হেমাংগ নাথ আৰু সুমন শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সদৌ অসম ছাত্ৰ সন্থা, এনএছইউআই, এবিভিপি সমৰ্থিত প্ৰাৰ্থীসকলৰ প্ৰচাৰত নামি পৰিছে প্ৰাৰ্থীসকল৷ আজি অন্ত পৰিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী প্ৰচাৰ৷





    উল্লেখযোগ্য যে, ৰাজ্যৰ জাতীয়তাবাদী ৰাজনীতিৰ পৃষ্ঠভূমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত দৃষ্টি নিবদ্ধ হৈ থাকে অসমবাসীৰ৷ জাতীয় অস্তিত্ব আৰু সুৰক্ষাৰ প্ৰশ্নত আজিও অসমবাসীয়ে বাট চাই ৰয় গুৱাহাটী বিশ্ববিদ্যালয়লৈ৷






    স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদককে আদি কৰি বিভিন্ন পদত প্ৰতিনিধিত্ব কৰা বহুজনে পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক হোৱাৰ উপৰি অসমৰ ৰাজনীতিত সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ২০১৯ বৰ্ষত কা আন্দোলনৰো নেতৃত্ব বহন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা দখল কৰাৰ বাবে তৎপৰতা চলাইছে আছুকে ধৰি জাতীয়তাবাদী শিবিৰে৷ একে সময়তে দেখা গৈছে শাসক পক্ষয়ো ব্যস্ত হৈ পৰিছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন জয় কৰিবলৈ৷ ছাত্ৰ ৰাজনীতিত শাসক পক্ষৰ প্ৰত্যক্ষ আগমনক সহজভাৱে ল'ব খোজা নাই বিশ্ববিদ্যালয়ৰ সচেতন ছাত্ৰসকলে৷





    কিয়নো, পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ মঞ্চত ধৰ্মীয় সাম্প্ৰদায়িক মন্তব্য কৰি বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত নিষিদ্ধ হৈ আছে এটা সংগঠন৷ একদৰে, কা আন্দোলনতো জাতিৰ বিৰুদ্ধে পক্ষ লোৱা বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বিশ্ববিদ্যালয়ৰ বাকৰিত তেতিয়াৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰি প্ৰবল প্ৰতিবাদৰ গুৰি ধৰিছিল৷ এনে ইতিহাসলৈ চাই বিশ্ববিদ্যালয়ৰ শিক্ষিত ছাত্ৰসমাজে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত জাতীয়তাবাদী শিবিৰৰ পক্ষতেই মতদান কৰিব বুলি আশা কৰিব পাৰি৷