• আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা : শিক্ষাৰ্থী ব্যস্ত উপাসনাত

    আঞ্চলিক
    আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা : শিক্ষাৰ্থী ব্যস্ত উপাসনাত

    গুৱাহাটী : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা৷ ৰাজ্যজুৰি ব্যস্ত বাগদেৱীৰ পূজা-অৰ্চনাৰ আয়োজনত৷ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে শিক্ষানুষ্ঠানসমূহ৷ মহানগৰীৰ শিক্ষানুষ্ঠানসমূহতো পূজাৰ আয়োজন৷





    আৰু পঢ়িব পাৰিব : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১





    বিদ্যালয়ে বিদ্যালয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেবী সৰস্বতী মন্ত্ৰেৰে মুখৰিত হৈছে বিদ্যালয়ৰ চৌহদ৷ ৰাজ্যৰ বিদ্যা মন্দিৰসমুহত উখল-মাখল পৰিৱেশ৷ পুৰোহিতৰ মন্ত্ৰোৎচাৰণত বাগদেৱীৰ আশীৰ্বাদ লৈছে ছাত্ৰ-ছাত্ৰীসকলে৷





    আৰু পঢ়িব পাৰিব : আজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ’ব ২ বিষয়াৰ জীৱন ?





    কামৰূপ, মঙলদৈ, নলবাৰী, হাজো, তেজপুৰ, শিৱসাগৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয়ত আয়োজিত হৈছে সৰস্বতী পূজা৷ সৰস্বতীৰ পূজাৰ এই সময়ত সকলো শিক্ষাৰ্থী ব্যস্ত মাৰ উপাসনাত৷