• আজি ভাৰতৰ পঞ্চকন্যাৰ অভিযান আৰম্ভ

    আঞ্চলিক
    আজি ভাৰতৰ পঞ্চকন্যাৰ অভিযান আৰম্ভ

    ট’কিঅ’ : অলিম্পিকৰ তৃতীয় দিনা ভাৰতৰ পাঁচগৰাকী তাৰকা ক্ৰীড়াবিদে অভিযান আৰম্ভ কৰিব।এই তালিকাত আছে ভাৰতৰ পঞ্চকন্যা- পি ভি সিন্ধু,মেৰী কম,ছানিয়া মিৰ্জা,মানু ভাকেৰ আৰু প্ৰণতি নায়েক।ইতিমধ্যে, অভিযানৰ শুভাৰম্ভণি কৰিছে ৰিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী পি ভি সিন্ধুই। প্ৰথম ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বী ইজৰাইলৰ কেছেনিয়া পলিকাৰপোভাক পৰাভূত কৰিছে সিন্ধুই।






    ইফালে,লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী মেৰীকমে আঘাতৰ বাবে ৰিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব পৰা নাছিল।৬বাৰৰ বিশ্বচেম্পিয়ন মেৰীকমৰ এয়া অন্তিম অলিম্পিক। মহিলাৰ ৪৮ কেজিৰ ৰাউণ্ড অৱ ৩২-ত মেৰীকমৰ প্ৰতিপক্ষ ডোমানিকান ৰিপাব্লিকৰ মিগুলিনা হাৰ্নাণ্ডেছ। আনহাতে,মহিলা ডাৱলছত ছানিয়া মিৰ্জা-অঙ্কিতা ৰায়নাৰ যুটি মুখামুখি হ’ব ইউক্ৰেইনৰ কিচেনক ব’নেৰ যুটিৰ বিৰুদ্ধে।অঙ্কিতা ৰায়না অলিম্পিকত পোন প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছে যদিও আশাবাদী ছানিয়া মিৰ্জা। আন দুগৰাকী ভাৰতকন্যা মানু ভাকেৰ আৰু প্ৰণতি নায়েকৰ আশানুৰূপ প্ৰদৰ্শনৰ ক্ষণ গণিছে দেশবাসীয়ে। উল্লেখ্য যে, মীৰাবাঈ চানুৱে ভাৰোত্তলনত ভাৰতক প্ৰথমটো ৰূপৰ পদক দিবলৈ সক্ষম হৈছে।