• আজি শেষ হ’ব এপিএছই-এ বান্ধি তদন্তৰ দিয়া সময়সীমা

    আঞ্চলিক
    আজি শেষ হ’ব এপিএছই-এ বান্ধি তদন্তৰ দিয়া সময়সীমা

    গুৱাহাটী: আজি শেষ হ’ব অসম লোকসেৱা আয়োগে বান্ধি তদন্তৰ দিয়া সময়সীমা৷ ৬ গৰাকী ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছিল আয়োগে৷ এপিএছইৰ উত্তৰ বহীত খেলি-মেলি ধৰা পেলাইছিল তদন্ত আয়োগে৷ ইয়াৰ পাছতে চমন জাৰি কৰিছিল আয়োগে৷






    আয়োগে ৬গৰাকী ৰাজপত্ৰিত বিষয়াৰ জবানবন্দী গ্ৰহণৰ আজি অন্তিম দিন হিচাপে ঘোষণা কৰিছিল৷ দ্বিতীয় পৰ্যায়ত তদন্ত আয়োগে তলৱ কৰিছিল বিশেষ শাখাৰ ডিএছপি অসীমা কলিতাক৷ চতুৰ্থ এবিপিএনৰ ডিএছপি অমিত ৰাজ চৌধুৰী, এপিএছ ঋতুৰাজ দলে, সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস, কৰ-পৰিদৰ্শক প্ৰিয়ংকা ডেকা আৰু চিআইডিৰ ডিএছপি সুকন্যা দাস৷





    ইয়াৰ পূৰ্বেও ১৯ গৰাকী বিষয়াক তলৱ কৰিছিল তদন্ত আয়োগে।