বিজ্ঞান আৰু প্ৰযুক্তি
নতুন দিল্লী : আজি স্বদেশলৈ উভতিব অলিম্পিকৰ পদক বিজয়ী ভাৰত্তোলক মীৰাবাঈ চানু৷ বিয়লি টকিঅ’ৰ পৰা আহি দিল্লী পাবহি চানু৷ ইয়াৰ পাছতে আজিয়েই তেওঁ মণিপুৰলৈ যোৱাৰ সম্ভাৱনা আছে৷
অলিম্পিকত ৰূপৰ পদকজয়ী মীৰাবাঈলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ASPৰ পদ৷ অলিম্পিকত ৰূপ জয়ৰ পাছতে মীৰাবাঈ চানুলৈ এই পদবী আগবঢ়োৱাৰ কথা ঘোষণা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ৷ লগতে ১ কোটিৰ টকাৰ পুৰস্কাৰো আগবঢ়োৱা হৈছে খেলুৱৈগৰাকীলৈ৷
ইপিনে, মীৰাবাঈক আদৰিবলৈ সাজু হৈছে মণিপুৰবাসী৷ মীৰাবাঈৰ গাঁও নংবক কাকচিঙত চলিছে আনন্দ উৎসৱৰ আয়োজন৷ টকিঅ’ত ভাৰতক প্ৰথমটো পদক উপহাৰ দিছে চানুৱে৷ ভাৰোত্তোলনত ৪৯ কেজি শাখাত চানুৱে ৰূপৰ পদক অৰ্জন কৰিছিল৷
Leave A Comment