International
হাইলাকান্দি: ২০০১ চনৰ লোকপিয়ল অনুসৰি দেশৰ যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশ বা তাতকৈ কম, সেই জিলাবোৰক সাঙুৰি ‘ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান’-এ ২০০৯ চনৰ ৮ ছেপ্টেম্বৰত মুকলি কৰিছিল ‘সাক্ষৰ ভাৰত অভিযান’। এই আঁচনিখনে অসমৰ ১২খন জিলা ক্ৰমে ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰামাঞ্চলসমূহক সামৰি লৈছিল।
‘২০০৯-১০ শিক্ষাবৰ্ষ’ৰ পৰা বৰ্তমানলৈ এই ১২খন জিলাত কাম কৰি আহিছে ‘স্বাক্ষৰ ভাৰত মিছন’ৰ অধীনৰ মুঠ ৩৭৭৩ গৰাকী কৰ্মীয়ে। কিন্তু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰে এই কৰ্মচাৰীসকলৰ মাহিলি দৰমহা। তাৰ পাছতে ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ কৰি দিয়া হয় এই ‘সাক্ষৰ ভাৰত মিছন’ৰ সকলো কাম-কাজ। সুদীৰ্ঘ তিনি বছৰৰ পৰা কৰ্মহীন হৈ পানীত হাঁহ নচ’ৰাৰ অৱস্থা হৈছে এইসকল চৰকাৰী কৰ্মীৰ। বিগত চাৰি বছৰে দৰমহা লাভ নকৰা
এই কৰ্মীসকলে আজি হাইলাকান্দিত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰক ৩৭৭৩গৰাকী কৰ্মীক অন্য বিভাগত স্থানান্তৰ কৰিবলৈ আহ্বান জনায় ‘সদৌ অসম সাক্ষৰ ভাৰত কৰ্মচাৰী পৰিষদ’ৰ সদস্যসকলে। অন্যথা তেওঁলোকে আত্মজাহ দিবলৈ বাধ্য হ’ব বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায়।
Leave A Comment