• আত্মবিশ্বাসী ইংলেণ্ড,চতুৰ্থ টেষ্টত প্ৰত্যাৱৰ্তনৰ লক্ষ্য ভাৰতৰ

    আঞ্চলিক
    আত্মবিশ্বাসী ইংলেণ্ড,চতুৰ্থ টেষ্টত প্ৰত্যাৱৰ্তনৰ লক্ষ্য ভাৰতৰ

    লণ্ডনঃ ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খন টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্ট আজিৰ পৰা অ’ভেলত অনুষ্ঠিত হৈছে। হেডিংলিত মুখথেকেচা খোৱাৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলটো। টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটে। হেডিংলি টেষ্টৰ লজ্জাজনক পৰাজয়ৰ দুঃস্বপ্নই খেদি ফুৰা সময়তে কোহলী ব্ৰিগেডৰ সন্মুখত পুনৰ এক প্ৰত্যহ্বানে থিয় দিছে। সম্প্ৰতি অ’ভেল টেষ্টত ভাৰতীয় বেটছমেন সকলে ইংলেণ্ডৰ বলিং বিক্ৰমৰ কিদৰে সন্মুখীন হয় সেয়াহে হ’ব লক্ষ্যণীয়! ইতিমধ্যে ভাৰতে ২টা উইকেট হেৰুৱাই ৩৪ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মাই ১১ৰানত আৰু কে এল ৰাহুলে ১৭ৰানত পেভেলীয়নমুখী হৈছে।






    টছৰ পিছত বিৰাট কোহলীয়ে কয়, ‘আমি টছত জিকিলে প্ৰথমে বলিং কৰাৰে সিদ্ধান্ত ল’লোহেতেঁন। ইংলেণ্ড দলত ৪জন বাওঁ হতীয়া বেটছমেন আছে। ফলস্বৰুপ, জাদেজাৰ বাবে নিশ্চিতভাবে এয়া এক সুৱৰ্ণ সুযোগ ।’ আনহাতে, চতুৰ্থ টেষ্টতো ভাৰতীয় দলৰ প্ৰথম একাদশত অন্তৰ্ভুক্ত নহ’ল ৰবীচন্দ্ৰন অশ্বিন। আনহাতে আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰাৰ বাবে মূল একাদশৰ পৰা বাদ পৰিছে পেচাৰ ঈশান্ত শৰ্মা।





    মহম্মদ শ্বামীকো বিশ্ৰাম দিছে দলীয় কৰ্তৃপক্ষই। বিপৰীতে উমেশ যাদৱ আৰু ছাৰ্দূল ঠাকুৰে স্থান লাভ কৰিছে।
    নিসন্দেহে আজি ভাৰতীয় ক্ৰিকেট দলৰ বাবে এয়া প্ৰত্যাৱৰ্তনৰ যুঁজ। ৫খন টেষ্ট শৃংখলাত দুয়োটা দলে ১-১ৰ সমতা স্থাপন কৰিছে। কোহলী ব্ৰিগেডে লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে এক নাটকীয় বিজয় সাব্যস্ত কৰিছিল যদিও নটিংহাম টেষ্টত বৰষুণৰ বাবে ভাৰতৰ আকাংশিত বিজয়ত চেচা পানী পৰিছিল।