• আত্মসমৰ্পন কৰা ৫৭টা চোৰাং চিকাৰীক দিলে ৫০হাজাৰকৈ টকা !

    আঞ্চলিক
    আত্মসমৰ্পন কৰা ৫৭টা চোৰাং চিকাৰীক দিলে ৫০হাজাৰকৈ টকা !

    কোকৰাঝাৰ : এইবাৰ কোনো সহস্ৰ সংগঠন নহয়, অস্ত্ৰসহ আত্মসমৰ্পণ কৰিল চোৰাং চিকাৰীৰ এটা বৃহৎ দলে। বিশ্ব গঁড় দিৱসৰ দিনাই বিটিআৰ চৰকাৰৰ ওচৰত চোৰাং চিকাৰীৰ এটা দলে আত্মসমৰ্পণ কৰে৷ হস্তনিৰ্মিত অস্ত্ৰসহ হাতীৰ দাঁত আৰু হৰিণৰ শিং সমৰ্পন কৰে চোৰাংচিকাৰীকেইটাই৷





    বিটিআৰ চৰকাৰৰ ওচৰত হস্তনিৰ্মিত বন্দুকসহ চিকাৰ কৰি অনা হাতীৰ দাঁত আৰু হৰিণাৰ শিং লৈ আত্মসমৰ্পণ কৰিলে মুঠ ৫৭টা চোৰাং চিকাৰীয়ে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰা চিকাৰীসকলে আত্মসমৰ্পণ কৰি বিটিআৰ চৰকাৰক সহযোগিতা আগবঢ়ালে।





    বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত অস্ত্ৰসহ আত্মসমৰ্পণ কৰা সকলো চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ আৰ্থিক সহায় দিয়া হয়।