Politics
ডিব্ৰুগড়ঃ ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চাবুৱা থানাত ৰুজু হৈ থকা ২৯২/২০১৯ নম্বৰ গোচৰ সংক্ৰান্তত হাজিৰ আদালতত। ‘কা’ বিৰোধী আন্দোলনৰ সময়ত বিধায়কৰ ঘৰ জ্বলোৱা আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত গোচৰ বিধায়কগৰাকীৰ বিৰুদ্ধে। আদালতৰ হাজিৰ হোৱাৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক গগৈৰ।
এ আই ইউ ডি এফ থাকিলে কংগ্ৰেছৰে মিত্ৰতা নকৰে ‘ৰাইজৰ দল’-এ বুলি মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে । এ আই ইউ ডি এফক কংগ্ৰেছে এৰিব নোৱাৰিলে ৰাইজৰ দলে উপ-নিৰ্বাচনত অকলে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। সাম্প্ৰদায়িক বিজেপি আৰু এ আই ইউ ডি এফৰ সৈতে কোনোকালেই মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
ইফালে বিধায়কগৰাকীক আদৰণি জনালে ৰাইজৰ দলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাৰ সমীপত বিধায়কগৰাকীক আদৰণি জনোৱা হয়। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত ১০ কোটি টকা দাবী কৰাৰ সন্দৰ্ভত বিধায়ক আমিনুলক ‘ফটুৱা’ আখ্যা দিলে অখিল গগৈয়ে।
Leave A Comment