• আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন

    আঞ্চলিক
    আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন

    শিলচৰ: আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন ৷ অপৰাধীৰ পিছ ধৰি প্ৰায় তিনি কিলোমিটাৰ দৌৰি অপৰাধীজনক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ ঘটনাটো সংঘটিত হৈছে শিলচৰত ৷





    আৰু পঢ়িব পাৰিব : পুনৰ সৰুসজাইত হ’ব এটা ক’ভিড পৰীক্ষা কেন্দ্ৰ !





    ঘটনাৰ বিৱৰণী অনুসৰি, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা উধাৰবন্ধ নেট্ৰপিৰ সম্মুখত ইভিএম চোৰ কৰাৰ অভিযোগত আজি পুৱা উধাৰবন্ধ আৰক্ষীয়ে এনাম উদ্দিন লস্কৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷





    আৰু পঢ়িব পাৰিব : গছত ওলমি থকা অৱস্থাত যুৱকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য





    আৰু নিয়ম অনুযায়ী আৰক্ষীয়ে আজি উধাৰবন্ধৰ পৰা অভিযুক্ত যুৱকজনক শিলচৰ আদালত হাজিৰ কৰাবলৈ আহিছিল ৷ কিন্তু আদালতত উপস্থিত হোৱাৰ পাছত অভিযুক্ত যুৱকজন লগত থকা দুজন আৰক্ষী কনিষ্টবলৰ চকুত ধূলি দি আদালতৰ দেৱাল জঁপিয়াই পলাই যায় ৷ লগত থকা দুজন আৰক্ষী কনিষ্টবলে অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰিবলৈ বহু চেষ্টা কৰে যদিও অভিযুক্ত যুৱকজনক ধৰিবলৈ সক্ষম নহ'ল আৰক্ষী৷