• আদৰণীয় পদক্ষেপ! মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ

    আঞ্চলিক
    আদৰণীয় পদক্ষেপ! মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ

    ডিজিটেল ডেস্কঃ ‘সদৌ দৰং জিলা ছাত্র সন্থা’ৰ অন্তৰ্গত ‘মঙলদৈ মহকুমা ছাত্র সন্থা’ৰ উদ্যোগত আৰু ‘ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থা’ৰ সহযোগত ‘ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়’ত ‘অসম আৰক্ষী’ৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ বাবে সম্পূর্ণ বিনামূলীয়াকৈ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে।

    ২৩ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰটি বৃহস্পতিবাৰে উদ্বোধন কৰে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ম: আব্দুল লতিফে। কাৰ্যসূচীৰ প্ৰথম দিনটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ‘মঙলদৈ মহাবিদ্যালয়’ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক হৰিমন ডেকা আৰু ড° জয়ন্ত কুমাৰ ডেকা।

    লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ বিত্ত সম্পাদক খনীন্দ্ৰ কুমাৰ ৰাজবংশী, কেন্দ্রীয় কাৰ্যনিৰ্বাহক নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা সন্থাৰ সভাপতি পৰাগ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ লগতে সমূহ বিষষববীয়া। উক্ত প্ৰশিক্ষণ শিবিৰটিত প্ৰায় ৩০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰিছে।