Regional
বৰপেটাঃ ৩৫ বছৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ’ল বৰপেটাৰ ৰাম ৰায় ষ্টেডিয়ামৰ। ৰাজ্যত অসম গণ পৰিষদে প্ৰথম চৰকাৰ গঠন কৰাৰ সময়তেই সাংস্কৃতিক মন্ত্ৰী কুমাৰ দীপক দাসে আধাৰশিলা স্থাপন কৰিছিল ষ্টেডিয়ামখনৰ। বৰপেটাৰ খেলুৱৈসকলৰ উন্নতি সাধন হোৱাৰ মনোকামনা চিন্তা কৰি বৰপেটা চহৰৰ প্ৰখ্যাত ৰায়চৌধুৰী পৰিয়ালে ৩৫ বিঘা মাটি দান কৰিছিল ষ্টেডিয়ামখনৰ বাবে। কিন্তু আজিপৰ্যন্ত সম্পূৰ্ণ নহ’ল বৰপেটাৰ ৰাম ৰায় ষ্টেডিয়াম।
বিভিন্ন সময়ত বিভিন্ন দলৰ ৰাজনৈতিক নেতা-পালিনেতাই বৰপেটাবাসীৰ ওচৰত ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে যদিও সময়ত ১০ শতাংশ কাম কৰাৰো বৰপেটাবাসীৰ চকুত নপৰে! বৰ্তমান বৰপেটাবাসীৰ প্ৰশ্ন, ‘আজি ৩৫ বছৰে কিয় কোনো এখন চৰকাৰৰ দৃষ্টি গোচৰ নহ’ল এই ষ্টেডিয়ামখন?’
ক্ৰীড়া জগতত বৰপেটাৰ খেলুৱৈসকলে বিভিন্ন সময়ত বহিঃৰাজ্যতো খেল প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই আনিছে। কিন্তু দুখৰ বিষয় যে, এইসকল খেলুৱৈয়ে অনুশীলন কৰিবলৈ আজিলৈকে বৰপেটা চহৰত এখন সম্পূৰ্ণ ষ্টেডিয়াম নিৰ্মাণ নহ’ল!
Leave A Comment