• আধাৰ কাৰ্ডৰ নামত ধনসংগ্ৰহ ডবকাত

    আঞ্চলিক
    আধাৰ কাৰ্ডৰ নামত ধনসংগ্ৰহ ডবকাত

    ডবকাঃ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰশাসন সৰব হৈ থকাৰ সময়তে ডবকাত আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত কৰিছে ধনসংগ্ৰহ। ধনসংগ্ৰহৰ সকলো দৃশ্য বন্দী হৈছে গোপন কেমেৰাত। ডবকাৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত থকা আধাৰকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।





    আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত প্ৰত্যেকজন গ্ৰাহকৰপৰা ৪০০-৫০০কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ সাধাৰণ জনতাৰ। এই অভিযোগ উত্থাপন হৈছে কেন্দ্ৰটোৰ কৰ্মী গুলজাৰ হুছেইনৰ বিৰুদ্ধে। গুলজাৰ হুছেইনৰ ঘৰ নগাঁৱৰ কামপুৰত বুলি আমাৰ সাংবাদিকে জনাইছে।






    গুলজাৰ হুছেইনে দীৰ্ঘদিনৰেপৰা আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত ধনসংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। গুলজাৰ হুছেইনৰ কোনোধৰণৰ নথি-পত্ৰ (পৰিচয়-পত্ৰ) নথকা সত্ত্বেও কেন্দ্ৰটোত আধাৰ কাৰ্ড প্ৰস্তুত কৰি আহিছে।