Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
কোকৰাঝাৰঃ লাখটকীয়া ডি এছ এল আৰ কেমেৰাৰে নহয়, মোবাইল ফোনেৰে ফটো তুলি নিজৰ নাম ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ এগৰাকী মেধাসম্পন্ন যুৱক।
কোকৰাঝাৰ চহৰস্থিত শুভাষপল্লীৰ ৰাহুল শৰ্মা আৰু চন্দা শৰ্মাৰ পুত্র আৰয়ান শৰ্মাই লকডাউনৰ মাজতো ঘৰত এনেয়ে বহি নাথাকি নিজৰ মোবাইল ফোনেৰে ৩০ মিনিটত ১৭৫ জোপা ভিন্ন প্ৰকাৰৰ গছ আৰু ফুলৰ ফটো তুলি ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নাম উজলাবলৈ সক্ষম হৈছে। অট’মোবাইলৰ বি-ই সম্পন্ন কৰা মেধাৱী ছাত্রৰ এই খবৰ লাভ কৰা পাছতে বি টি আৰ আৰু কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠিছে।
Leave A Comment