Regional
গুৱাহাটী : সান্ধ্য আইনৰ সমান্তৰালকৈ ৰাজ্যত বন্ধ হৈ আছে আন্তঃ জিলা যাতায়াত ব্যৱস্থা৷ এই সন্দৰ্ভত মুখ্যন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য আগবঢ়ায়৷ সাতখন জিলাকে ধৰি বাকীকেইখন জিলাতো আন্তঃজিলা জিলা খুলি দিয়াটো এই মুহূৰ্তত সম্ভৱ নহয়৷ সাতখন পৰিস্থিতিৰ উন্নতি কিয় হোৱা নাই এই বিষয়ে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত কথা পাতিব মুখ্যমন্ত্রীগৰাকীয়ে ৷
আনহাতে ৰে'ল চলাচলৰ সন্দৰ্ভতো মন্তব্য কৰে তেওঁ৷ 'ৰে'ল সেৱা বন্ধ কৰাতো সম্ভৱ নহয়, ইয়াৰ লগতো বহুতো দিশ জড়িত হৈ আছে৷' অসম- মিজোৰাম সীমান্তত চলি থকা উত্তেজনাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল তাতে বাহৰ পাতি আছে। তাৰ পৰা পিছুৱাই অহাৰ কোনো পৰিকল্পনা নাই।বোমা বিস্ফোৰণ মিজোৰামৰ সীমাৰ ভিতৰত হৈছে। অসমৰ এটুকুৰা মাটিও মিজোৰামৰ দখলত নাই। আৰু কোনোৱে অসমৰ মাটি দখল কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।
Leave A Comment