Business
নতুন দিল্লীঃ লৰ্ডছ টেষ্টৰ দুটা ইনিংছত ১০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰাৰ পাছত ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মাই ক্ৰিকেট ইতিহাসত অন্য এক কৃতিত্ব অৰ্জন কৰিছে। ভাৰতীয় অপেনাৰজনে ঘৰুৱা খেলত জয়লাভ কৰা ৩টা ফৰ্মেটত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ৰোহিত শৰ্মাই ইংলেণ্ডৰ খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে কমেও এখন টেষ্ট, এদিনীয়া আৰু আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলত ১০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে আৰু ভাৰতে আটাইকেইখন খেলত জয়লাভ কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ সমাপ্ত হোৱা লৰ্ডছ টেষ্টৰ দুটা ইনিংছত ৰোহিত শৰ্মাই মুঠ ১০৪ৰান সংগ্ৰহ কৰিছিল আৰু ভাৰতে খেলখন ১৫১ ৰাণত জিকিছিল। ইফালে ২০১৮ চনত নটিংহামত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলখনত ৰোহিতে ১৩৭ ৰাণত অপৰাজিত ইনিংছ খেলা খেলখনত ভাৰতে ৮ উইকেটত জয়লাভ কৰিছিল।
২০১৮ চনত ব্ৰিষ্টলত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলখনতো হিটমেন ৰোহিতে ১০০ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলিছিল।যিখন খেলত ভাৰতে ৭ উইকেটত জয়লাভ কৰিছিল। প্ৰণিধানযোগ্য যে, ৰোহিত শৰ্মা হৈছে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এতিয়ালৈকে ৩টা ফৰ্মেটত এনে বিৰল কৃতিত্ব অৰ্জন কৰিছে। পৃথিৱীৰ আন কোনো ক্ৰিকেটাৰৰ তেনে কোনো দৃষ্টান্ত নাই।
Leave A Comment