• আপোনাৰ আলোকেই পোহৰাইছে আমাৰ বাট...

    আঞ্চলিক
    আপোনাৰ আলোকেই পোহৰাইছে আমাৰ বাট...

    ডিজিটেল ডেস্ক : আজি 'শিক্ষক দিৱস'। সমাজ আৰু সময়ক আলোকিত কৰাৰ যাত্ৰাত যিসকল লোকৰ বৰঙণি সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, আজি তেওঁলোকৰ দিৱস। কুমলীয়া আৰু অবোধ এটি শিশুৰ সকলো সম্ভাৱনাক আৱিষ্কাৰ কৰি তেওঁক পৰিপূৰ্ণ মানুহৰূপে গঢ় দিয়ালৈ এগৰাকী শিক্ষকে যি কৃচ্ছসাধনাৰ পথ অতিক্ৰম কৰিবলগীয়া হয় তাৰ তুলনা আন কাৰো সৈতেই নহয়। কোৱা হয় নিজৰ জ্ঞানৰ বন্তিৰে এগৰাকী শিক্ষকে সহস্ৰজন শিক্ষাৰ্থীৰ জীৱন আলোকিত কৰে। সহস্ৰজনক আগুৱাই যোৱাৰ পথৰ নিৰ্দেশনা দিয়ে। নিজৰ আলোকেৰে আনক আলোকিত কৰাৰ এই যাত্ৰাক সন্মান জনোৱাৰ দিন এই ৫ ছেপ্টেম্বৰ। মহান শিক্ষক তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ নামেৰে পালন কৰাৰ এই দিৱসে দেশৰ প্ৰতিগৰাকী শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।






    গুৰু অবিহনে শিক্ষাৰ্থীৰ শিক্ষাই পৰিপূৰ্ণতা পাব নোৱাৰে। ইতিহাস, পুৰাকথায়ো এইকথাৰ সাক্ষ্য বহন কৰে। পিতৃ-মাতৃ, জ্যেষ্ঠ-কনিষ্ঠ, বন্ধু-সহযোগী যিকোনো ৰূপতে এগৰাকী শিক্ষকে এজন লোকৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে, পৰিপূ্ৰ্ণ কৰিব পাৰে। কিন্তু বিদ্যালয়ৰ চাৰিবেৰৰ মাজত এগৰাকী শিক্ষকে দিয়া পাঠ হৈ পৰে এজন লোকৰ অগ্ৰগতিৰ মূল আধাৰ। সেয়েহে যিকোনো এজন লোকৰ জীৱনতে এইসকল শিক্ষকৰ ভূমিকা অলপ বেছি গুৰুত্বপূৰ্ণ বা একক। সমাজে আমাৰ শিক্ষাগুৰুসকলক সদায়ে আগস্থান দি আহিছে যদিও তেওঁলোকে বিভিন্ন সময়ত সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আজিও আঁতৰ হোৱা নাই। বিনা বেতনে অপ্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰি নিজৰ জীৱন অতিবাহিত কৰা শিক্ষকৰ কৰুণ কাহিনীয়ে আজিও সংবাদ শিৰোনাম দখল কৰি আহিছে। নিজৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি আজিও ৰাজপথত নামিবলগীয়া হৈছে শিক্ষক। চতুৰ ৰাজনীতিকৰ কটু সমালোচনা আৰু তীক্ষ্ণ কটাক্ষৰো সন্মুখীন হ’বলগীয়া হৈছে তেওঁলোক। এনে পৰিস্থিতি অব্যাহত থকালৈকে এগৰাকী শিক্ষকে তেওঁৰ ত্যাগৰ প্ৰতিদান লাভ কৰিছে নে নাই সেই প্ৰশ্ন অপ্ৰাসংগিক!





    তেওঁলোকৰ প্ৰতি আমাৰ কৰণীয়ও বাকী ৰৈ যাব। আজি শিক্ষক দিৱসৰ দিনটোত প্ৰতিগৰাকী শিক্ষকককে তেওঁলোকৰ ত্যাগ আৰু কৃচ্ছসাধনাৰ প্ৰতিদান দিয়াৰ সংকল্প আমি নিশ্চয় ল’ব পাৰোঁ। কোনো এগৰাকী শিক্ষাগুৰুৱে জীৱনৰ কোনো প্ৰতিবন্ধকতাতে অকলশৰীয়া নোহোৱাৰ নিশ্চয়তা তেওঁ এগৰাকী অন্ততঃ ছাত্ৰই ল’ব নোৱাৰেনে? বিনা বেতনে শিক্ষাদান কৰি জীৱন অতিবাহিত কৰা এগৰাকী শিক্ষাগুৰুৰ আর্থিক প্ৰয়োজন পূৰণ কৰিবলৈ তেওঁৰে মাত্ৰ দহজন সফল শিক্ষাৰ্থী থিয় হ’ব নোৱাৰেনে? শিক্ষাগুৰুৰ যিকোনো সমস্যা সমাধানৰ বাবে তেওঁলোকৰ জ্ঞান আলোকে আলোকিত কৰা কোনো এজন বিষয়া, আমোলাই নিজে আগবাঢ়ি আহিব নোৱাৰেনে? ৰাজপথত থিয় দিবলগীয়া হোৱা শিক্ষাগুৰুৰ ওচৰত আমাৰ ৰাজ্য আৰু ৰাজনীতিৰ বৰমূৰীয়াসকলে এবাৰলৈ মূৰ দোৱাব নোৱাৰে? অৱসৰৰ পাছত কোনো শিক্ষাগুৰুৰে যাতে পেঞ্চনৰ টকাকেইটা বিচাৰি তাঁত-বাতি কাঢ়িবলগীয়া নহয় তাৰো ব্যৱস্থা কৰাৰ দায়িত্বও বিভিন্ন ক্ষেত্ৰত আজি সফলতাৰে খোপনি পোতা তেওঁলোকৰে শিক্ষাৰ্থীসকলৰ নহয়নে? এই সকলো প্ৰশ্নৰে উত্তৰ যেতিয়া ইতিবাচক হ’ব আৰু যিদিনাই এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ প্ৰয়োজন নাইকিয়া হৈ পৰিব সিদিনাই আমাৰ সমাজৰ আলোকশিখাৰ ধাৰক আমাৰ শিক্ষাগুৰুসকলক প্ৰকৃতি শ্ৰদ্ধা জনোৱা হ’ব।





    আজিৰ এই পবিত্ৰ দিনটোত ‘প্ৰাগ ডিজিটেল’ পৰিয়ালে সকলো শিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। বেলিটোৰ দলে আপোনালোকে পোহৰ দিছে বাবেই আমি চকু মেলিব পাৰিছোঁ। দূৰৈৰ জগতখনৰ ফট্‌ফটীয়া ৰূপটো চোৱাৰ সৌভাগ্যৰ অধিকাৰী হৈছোঁ। আমাৰ শিৰৰ মুকুট আপোনালোক কুশলে থাকক। সশ্ৰদ্ধ প্ৰণাম গুৰু।