Regional
During the pre-monsoon season, Assam received only 337 mm of rain, as opposed to the average of 542 mm...
আফগানিস্তানঃ তালিবানী অভ্যুত্থানৰ বাবে আগন্তুক টি-২০ বিশ্বকাপত ক্ৰিকেটাৰ ৰছিদ খানৰ অংশগ্ৰহণ প্ৰায় অনিশ্চিত হৈ পৰিছে। তালিবানে আফগানিস্তানত এটাৰ পাছত এটা অঞ্চল দখল কৰি আছে। কান্দাহাৰ আৰু গজনী দখল কৰাৰ পাছত এইবাৰ তালিবানসকলে ৰাজধানী কাবুল দখল কৰিবলৈ সদলবলে আগবাঢ়িছে। জানিবলৈ পোৱা মতে, তালিবানে ইতিমধ্যে আফগানিস্তানৰ ৬খন মুখ্য ক্ৰিকেট ষ্টেডিয়ামৰ ৩খন দখল কৰিছে।
ফলস্বৰূপে, আফগানিস্তানে টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ আশংকা অধিক ঘণীভূত হৈ পৰিছে। ৰছিদ খান-মহম্মদ নবীয়ে বিশ্বকাপৰ প্ৰস্তুতি শক্তিশালী কৰিবলৈ বিভিন্ন ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন কৰাৰ কথা আছিল। কিন্তু তালিবানৰ শেহতীয়া আগ্ৰাসনে দিনক দিনে উদ্ৰেগ বৃদ্ধিহে কৰিছে। আগন্তুক বিশ্বকাপৰ প্ৰস্তুতিত ব্যাঘাত জন্মোৱাৰ পূৰ্ণ সম্ভৱনা আছে বুলি সদৰী কৰিছে একাংশ আফগান সংবাদ সংস্থাই।
Leave A Comment