• আবাসগৃহ খালী কৰাৰ নিৰ্দেশনা কাগজ কলৰ কৰ্মচাৰীলৈ, হাহাকাৰ পৰিস্থিতি

    আঞ্চলিক
    আবাসগৃহ খালী কৰাৰ নিৰ্দেশনা কাগজ কলৰ কৰ্মচাৰীলৈ, হাহাকাৰ পৰিস্থিতি

    গুৱাহাটী: এটা চৰ্তৰ ভিত্তিতেই নিজৰ আবাসগৃহ হেৰুৱাব লাগিব কাগজ কলৰ কৰ্মচাৰীসকলে৷ ১৫দিনৰ ভিতৰত কাগজ কলৰ আবাসগৃহসমূহ খালী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে৷ আৰু এই নিৰ্দেশনাৰ পাছতেই নগাঁও আৰু কাছাৰ কাগজ কলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷





    তাৰ উপৰি ১৫ দিনৰ ভিতৰত কৰ্তন কৰিব বিদ্যুৎসংযোগ৷ এই নিৰ্দেশনাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ জাননীৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাগজ কলৰ কৰ্মচাৰীসকলৰ৷ কিন্তু ইয়াৰ পাছতো গাএৰা মন্তব্য দাঙি ধৰি নিজৰ দায়িত্ব সামৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই৷ তেওঁ কয় যে, কাগজকলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়৷ কৰ্মচাৰী-বিষয়া সন্থাৰ লগত ১০০ দিনত ৪খন বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ লিকুইডেটৰক ৫৩০ কোটি দিবলৈ আছে বুলি সন্থাসমূহে চৰকাৰক জনাইছিল, য’ত সন্নিবিষ্ট হৈ আছে তেওঁলোকৰ দৰমহাৰ কথাও৷





    লগতে এইবুলিও তেওঁ সদৰী কৰে যে, ৰাজ্য চৰকাৰে ৫৩০ কোটিৰ পৰা ৬০০ কোটি দিবলৈ ৰাজী হৈছে কাগজ কলত৷ আজিৰেপৰা এসপ্তাহৰ ভিতৰত টকা দিবলৈ ৰাজ্য চৰকাৰ সাজু৷ কিন্তু এটা চৰ্ততহে ৰাজ্য চৰকাৰে দিব টকা কাগজ কলত৷ আৰু চৰ্তমতে কাগজ কলৰ মাটি গটাব লাগিব ৰাজ্য চৰকাৰক৷