• আমিনগাঁৱৰ ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন ২৮ শিশু, কিশোৰ-কিশোৰী

    আঞ্চলিক
    আমিনগাঁৱৰ ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন ২৮ শিশু, কিশোৰ-কিশোৰী

    উত্তৰ গুৱাহাটীঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ১৮বছৰৰ তলৰ ক'ভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাতো ১৮ বছৰৰ তলৰ ক'ভিড আক্ৰান্তৰ ‌সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত কামৰূপ জিলাৰ আমিনগাঁওস্থিত এম এছ এম ই ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ২৮টা কিশোৰ কিশোৰী আৰু শিশু।





    ইয়াৰে ২ বছৰৰ তলৰ ৫টা শিশুৰ লগতে চাৰিমহীয়া শিশুও আছে। ক'ভিড কেয়াৰ চেণ্টাৰটোত কৰ্মৰত জ্যেষ্ঠ চিকিৎসক ডা: দীনেশ চন্দ্ৰ দাসে জানিব দিয়া মতে বৰ্তমান চিকিৎসাধীন হৈ থকা ১৮ বছৰৰ তলৰ ৰোগীসকল ৬ দিনৰ ভিতৰত ক'ভিড কেয়াৰ চেণ্টাৰটোত ভৰ্তি হৈছে। যিহেতু ১৮ বছৰৰ তলৰ লোকসকলৰ বাবে এতিয়াও ক'ভিড ভেকচিনৰ ব্যৱস্থা হৈ উঠা নাই সেয়েহে এনে উদ্বেগজনক অৱস্থাত চিকিৎসকজনে কঠোৰভাৱে ক'ভিড প্ৰট'কল মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে। ইফালে, বিগত ২৭ মে'ৰ পৰা ২৯ জুনলৈ উত্তৰ গুৱাহাটী ব্লক পিএইচইৰ অন্তৰ্গত ক'ভিড টেষ্টটিং চেণ্টাৰত ১৫ বছৰৰ পৰা আৰম্ভ কৰি তাৰ তলৰ বয়সৰ ২৫টা কিশোৰ-কিশোৰী তথা শিশু ক'ভিড আক্ৰান্ত ৰোগী হিচাপে চিনাক্ত হৈছে। ইয়াৰে ৯টা শিশু হৈছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ, ৰাঙলীপাহাৰ, কাটিংপাহাৰ, মাজগাঁও আৰু ফুলুঙৰ।