National
The Election commission of India also insisted on compliance with model code of conduct and the transparency factor of the electi
নতুন দিল্লীঃ কৰ’নাতংকৰ মাজতে অনুষ্ঠিত হ’ল খেল। ছানৰাইজাৰ্ছ হায়দৰাবাদ-দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হয় চতুদৰ্শ আইপিএলৰ দ্বিতীয় ছিজনৰ চতুৰ্থ খেল। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট কৰি নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৪ৰান কৰে। হায়দৰাবাদৰ হৈ আব্দুল সমবাদে সৰ্বাধিক ২৮ৰানৰ বৰঙনি যোগায়। পুনৰ এবাৰ ম্লান পৰি ৰ’ল অপেনাৰদ্বয়। আনহাতে, দিল্লীৰ হৈ ৰাবাদাই সৰ্বাধিক ৩টা উইকেট দখল কৰে। অক্সৰ পাটেল আৰু নৰ্টজে ২টাকৈ উইকেট লাভ কৰে।
খেলৰ দ্বিতীয়াৰ্দ্ধত সহজ লক্ষ্যৰ সন্ধান কৰি খেলপথাৰত নামে দিল্লী। প্ৰথমৰ পৰাই দিল্লীয়ে ৰানৰ গতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল। দিল্লীয়ে হায়দৰাবাদক ৰুধিবলৈ বাৰম্বাৰ চেষ্টা কৰিও বিফল হয়। নিৰ্ধাৰিত অভাৰৰ পূৰ্বেই লক্ষ্যত উপনীত হয় দিল্লী। ১৭.৫অভাৰত ২টা উইকেট হেৰুৱাই ১৩৯ৰান কৰে। দিল্লীৰ হৈ সৰ্বাধিক ৪৭ৰানৰ বৰঙনি আগবঢ়ায় শ্ৰেয়াছ আয়াৰে। উল্লেখ্য যে, ১৪পইণ্টেৰে দিল্লী কেপিটেলছ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে। আৰু ২পইণ্ট লাভেৰে অষ্টম স্থানত আছে হায়দৰাবাদ।
Leave A Comment