• আলফাৰ ভাবুকি : কলকাতালৈ স্থানান্তৰ হ’ব ‘টাটা টী’ৰ কাৰ্যালয়

    আঞ্চলিক
    আলফাৰ ভাবুকি : কলকাতালৈ স্থানান্তৰ হ’ব ‘টাটা টী’ৰ কাৰ্যালয়

    গুৱাহাটী : অসমৰ লোকক অধিক নিয়োগৰ সুবিধা দিয়াৰ দাবীত চাহ কোম্পানীলৈ আলফা(স্বাঃ)ৰ সকীয়নি৷ অসমৰ লোকৰ হকে ব্যৱসায় কৰাৰ আহ্বান জনাই টাটা টীলৈ আলফা(স্বাঃ)এ সকীয়নি দিয়াৰ পাছতে টাটাই তেওঁলোকৰ কাৰ্যালয় কলকাতালৈ স্থানান্তৰ কৰিব বুলি প্ৰকাশ কৰিছে৷





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াবহতা : ভেকচিন লোৱাৰ পাছতো ৩৭ চিকিৎসক আক্ৰান্ত ক’ভিডত





    কোম্পানীৰ কাৰ্যালয় অসমত স্থাপন কৰাৰো দাবী জনাইছিল আলফা(স্বাঃ)নে৷ আলফাৰ নিৰ্দেশনা অমান্য কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও সকীয়নি দিছিল নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷ উল্লেখ্য যে, অসমতে আছে টাটা গ্ৰুপৰ ২১খনকৈ চাহ বাগিচা৷





    আৰু পঢ়িব পাৰিব : দেশজুৰি ‘টিকা উৎসৱ’ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !





    কোম্পানীটোলৈ অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত টাটা টীৰ কৰ্প’ৰেট কাৰ্যালয় কলকাতালৈ স্থানান্তৰ কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে৷ ১ মে’ৰ ভিতৰত বিষয়া-কৰ্মচাৰীক স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গুৱাহাটীস্থিত বাণিজ্যিক কাৰ্যালয়ো বন্ধ হ’ব বুলি প্ৰকাশ কৰিছে টাটাৰ কৰ্তৃপক্ষই৷ টাটাৰ এই কাৰ্যক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷