• আশাৰ ৰেঙনিঃ কৰ’নাক্ৰান্ততকৈ আৰোগ্যৰ হাৰ ঊৰ্ধ্বত

    আঞ্চলিক

    গুৱাহাটী: ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ৷ তাৰে মাজতে সুখবৰ আহিছে অসমবাসীলৈ৷ এইবাৰ কৰ’নাৰ আৰোগ্যৰ হাৰে অভিলেখ সৃষ্টি কৰিলে ৰাজ্যত৷ এটা দিনত কৰ’নাত আক্ৰান্তৰ হাৰতকৈ বৃদ্ধি পালে আৰোগ্য হাৰ৷ শুকুৰবাৰৰ দিনটোত আৰোগ্যলাভ কৰে ৮২৮জন লোকে৷

    নিশ্চিতভাৱে এই তথ্যই ৰাজ্যৰ স্বাস্থ্যবিভাগলৈ কিছু সকাহৰ বাৰ্তা আনিছে৷ আৰোগ্যৰ বিপৰীতে কালিৰ দিনটোত কৰ’নাত আক্ৰান্ত হয় ৫৬৪জন লোক। বিগত ২৪ ঘন্টাত ৯১,৭৭৮জনে ক'ভিড টেষ্ট কৰাই৷

    গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ১২২জন৷ গোলাঘাটত ৫১ জন, দৰং আৰু শোণিতপুৰত আক্ৰান্ত হয় ২৯জনকৈ লোক৷ কৰ'নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৬জন ৰোগী৷ ৰাজ্যত বৰ্তামানেও চিকিৎসাধীন হৈ আছে ৫,১৫৮জন৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৬১শতাংশ৷ আৰু আৰোগ্য হাৰ ৯৭.৯৪ শতাংশ৷

    Weather Forecast

    ASSAM WEATHER