• আশিকে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ

    আঞ্চলিক
    আশিকে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ

    গুৱাহাটী : মহানগৰীৰ খাৰঘূলীত বুধবাৰে সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ দিন দুপৰতে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ কৰিলে জেঠায়েকৰ পুত্ৰ আশিক গুপ্তাই৷ আৰক্ষীৰ অভিযানত আশিকে এই হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি পোহৰলৈ আহিছে৷

    আশিকে লুকুৱাই ৰখা ডিম্পলৰ ম’বাইল উদ্ধাৰ কৰে আৰক্ষীয়ে৷ লতাশীল আৰক্ষীৰ অভিযানত আশিকৰ বন্ধু চিণ্টু দাসৰ ঘৰত উদ্ধাৰ ডিম্পলৰ ম’বাইল৷ঘৰুৱা কাজিয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্বীকাৰ আচিকৰ৷ ডিম্পলৰ লগত কাজিয়া হৈছিল আশিকৰ৷  প্ৰথমে ডিম্পলক চৰ মাৰিছিল আশিকে ৷ তাৰ পিছত খঙতে প্ৰেচাৰ কুকাৰেৰে আক্ৰমণ কৰিছিল আৰু চিঞৰ-বাখৰ কৰিবলৈ লওতে চুৰিৰে আঘাট কৰিছিল বুলি জানিবলৈ দিয়ে৷ 

    ইফালে আৰক্ষীৰ তদন্তৰ মাজতে উজান বজাৰৰ স্থানীয় লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ হত্যাকাৰীক উচিত শাস্তিৰ দাবী স্থানীয় লোকৰ ৷