• আহ্লাদিত আৰচিবিঃ স্কুলতো হেট্ৰিক কৰিব পৰা নাছিলোঁ, আইপিএলত কৰিলোঁ

    আঞ্চলিক
    আহ্লাদিত আৰচিবিঃ স্কুলতো হেট্ৰিক কৰিব পৰা নাছিলোঁ, আইপিএলত কৰিলোঁ

    নতুন দিল্লীঃ চলিত আইপিএলৰ ৩৯সংখ্যক খেলখনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে। আইপিএলৰ দ্বিতীয় ছিজনৰ খেলখনত প্ৰথমে বেটিং কৰি ৬টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰিছিল কোহলীৰ আৰচিবিয়ে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে পাৱাৰ প্লে’ৰ প্ৰথম ৬ অ’ভাৰত ৫৬ ৰাণ সংগ্ৰহ কৰে। খেল চলাকালীন সময়ত ৰোহিত শৰ্মাৰ দলে সহজে কোহলীৰ দলটোক পৰাস্ত কৰিব বুলি ধাৰণা কৰি লৈছিল সকলোৱে! কিন্তু আৰচিবিৰ ৰণকৌশলত বিপৰ্যস্ত হৈ পৰে মুম্বাই।





    আৰচিবিৰ লেগস্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু পেচাৰ হৰ্ষল পেটেল হৈ পৰে মুম্বাইৰ বেটিং লাইন পতনৰ মূল নায়ক। উল্লেখ্য যে, হৰ্ষল পেটেলে হেট্ৰিকসহ ৪টা উইকেট দখল কৰে আৰু চাহালে ৩টা উইকেট দখল কৰে। ইফালে হৰ্ষলে আই পি এলত হেট্ৰিক অৰ্জন কৰা বাংগালুৰুৰ তৃতীয় জন বলাৰ হিচাপে পৰিগণিত হৈছে। এনে প্ৰদৰ্শনৰ পাছত এক প্ৰতিক্ৰিয়াত হৰ্ষলে কয় যে, ‘মই জীৱনত হেট্ৰিক অৰ্জন কৰিব পৰা নাছিলো, আনকি স্কুল পৰ্যায়ৰ ক্ৰিকেটতো । আৰু এইবাৰ আই পি এলত হেট্ৰিক অৰ্জন কৰিলো।’ আইপিএলত জীৱনৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰি স্বাভাৱিকতে সুখী হৰ্ষল পেটেল। হৰ্ষলৰ প্ৰদৰ্শনে আৰচিবিক পুনৰুজ্জীৱিত কৰি তুলিছে। শেহতীয়াকৈ ১২ পইণ্টে লাভেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে আৰচিবি।