• আয়তকৈ অধিক সম্পত্তি গঢ়ি গ্ৰেপ্তাৰ এচিএছ বিষয়া

    আঞ্চলিক
    আয়তকৈ অধিক সম্পত্তি গঢ়ি গ্ৰেপ্তাৰ এচিএছ বিষয়া

    গুৱাহাটী: এচিএছ বিষয়া ছাইবুৰ ৰহমানক আজি হাজিৰ কৰা হৈছে বিশেষ আদালতত। মুখ্যমন্ত্ৰীৰ সতৰ্কতা শাখাই গ্ৰেপ্তাৰ কৰে সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব ছাইবুৰ ৰহমানক। আয়তকৈ অধিক সম্পত্তি ৰখাৰ অভিযোগ এচিএছ ছাইবুৰৰ বিৰুদ্ধে।





    ২০০২ চনৰ পৰা ২০২১ চনলৈকে মুখ্যমন্ত্ৰী সতৰ্কতা শাখাই তদন্ত চলাইছিল ছাইবুৰ ৰহমানৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ বিৰুদ্ধে। তদন্তত পোহৰলৈ আহিছিল ছাইবুৰ ৰহমানে নিজৰ আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তি গঢ়ি তুলিছিল।





    তদন্তত পোহৰলৈ আহিছে চাইবুৰ ৰহমান ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকাৰ আয়তকৈ অধিক সম্পত্তিৰগৰাকী। এই তথ্য পোৱাৰ পাছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে এচিএছ বিষয়াজনক। ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ছাইবুৰ ৰহমানক