• আৰক্ষীলৈ সকাহ ! দুৰ্ধৰ্ষ ডকাইত আনোৱাৰৰ আত্মসমৰ্পণ

    আঞ্চলিক

    নলবাৰী: নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে এটা দুৰ্ধৰ্ষ ডকাইতে৷ আনোৱাৰ হুছেইনৰ নামৰ ডকাইতে আজি আত্মসমৰ্পণ কৰে৷ ১০ বছৰ পূৰ্বে জালাহ আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰে৷

    ইয়াৰ পাছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি-ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ৷ নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰা আনোৱাৰক বিগত আঠ বছৰে ম’ষ্ট ওৱানটেড ঘোষণা কৰি আৰক্ষীয়ে বিছাৰি আছিল৷

    অৱশেষত আজি দুৰ্ধৰ্ষ ডকাইত আনোৱাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে৷

    Weather Forecast

    ASSAM WEATHER