• আৰক্ষীৰে সংঘৰ্ষ আলফা স্বাধীনৰ, নিহত এজন

    আঞ্চলিক
    আৰক্ষীৰে সংঘৰ্ষ আলফা স্বাধীনৰ, নিহত এজন

    বঙাইগাঁও : বঙাইগাঁৱত আৰক্ষী আৰু আলফা (স্বা) মাজত বুধবাৰে সংঘটিত হয় সংঘৰ্ষ৷ এই সংঘৰ্ষত জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত সংঘটিত হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত এজন আলফা সদস্যৰ মৃত্যু হয়৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি





    আৰক্ষীয়ে জনোৱা মতে, আলফা (স্বা) দুজন কেডাৰ বেছিমাৰীত এখন ঘৰত আত্মগোপন কৰি থকাৰ সম্ভেদ পাই উক্ত ঘৰত অভিযান চলাইছিল। পাছত দুয়ো পক্ষৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত নিহত হয় আলফা (স্বা) সদস্য দীপেন সাউদ ওৰফে ৰমেন নাথ।





    আৰু পঢ়িব পাৰিব : আজি আনুষ্ঠানিক আত্মসমৰ্পণৰ সম্ভাৱনা জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ !





    আনহাতে, এই সংঘৰ্ষৰ পাছতে সাউদৰ দেহৰক্ষী পদুম ৰায়ক কৰায়ত্ত কৰে আৰক্ষীয়ে৷ লগতে আৰক্ষীয়ে জব্দ কৰে হেন গ্ৰেনেড আৰু মাৰণাস্ত্ৰও৷ অসমৰ পশ্চিম অঞ্চলত কূটাঘাতৰ লক্ষ্যৰে আলফা (স্বাঃ)ৰ সদস্যই বাহৰ পাতিছিল বুলি সন্দেহ কৰিছে অসম আৰক্ষীয়ে৷