Breaking News
কামৰূপ : কামৰূপ আৰক্ষীৰ জালত পৰিল সোণাপুৰত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ মাষ্টাৰমাইণ্ড হাছিম আলী। বিগত ২০ আগষ্টৰ নিশা মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িয়াই লৈ অহা অৱস্থাত তালাচী চলাই আৰক্ষীয়ে সামগ্ৰীসহ মইনুল হক নামৰ লোকজনক কৰায়ত্ত কৰিছিল।
মইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে অভিযান চলাই ছয়গাঁও থানাৰ অন্তৰ্গত ঘোৰামাৰাৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হাছিম আলীক আলীকাষত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, শিলৰ কোঁৱেৰীত শিল ভঙা আৰু ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মৰাৰ বাবে এই বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি আহিছিল। হাছিম আলী নামৰ লোকজনে দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা মইনুল হকৰ জৰিয়তে অবৈধভাৱে সৰবৰাহ কৰি আছিল।
অৱশেষত কামৰূপ আৰক্ষীৰ জালত পৰাৰ পাছত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ছয়গাঁও থানাত এক সংবাদমেল অনুষ্ঠিত কৰি মেঘালয়ৰ নংপু থানাত ১০৪/২১ নম্বৰত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে। ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়, বিস্ফোৰক সামগ্ৰীৰ অবৈধ ব্যৱসায় আদিৰ বিৰুদ্ধে কামৰূপ আৰক্ষী সদায়ে সজাগ বুলি মন্তব্য কৰে।
Leave A Comment