National
হোজাইঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসন সষ্টম হৈ আছে! হোজাই আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰ ম’ষ্ট ওৱাণ্টেড মাফিয়া জাকিৰ হুছেইন৷ গুৱাহাটীৰ বশিষ্টৰ পৰা কালি হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভূ-মাফিয়াগিৰিৰে সন্ত্ৰাস চলোৱা জাকিৰক৷ হোজাইৰ ইছলাম নগৰৰ বাসিন্দা প্ৰৱঞ্চকটোৱে গুৱাহাটীত আত্মগোপন কৰিছিল বুলি আৰক্ষীয়ে জনাইছে। ভুক্তভোগীৰ ভাষ্য অনুসৰি আৰক্ষীৰ শীৰ্ষ মহলেৰে সম্পৰ্ক থকা বুলি কৈ চাকৰিৰ নামত বিভিন্নজনৰ পৰা লাখে লাখে টকা আত্মসাৎ কৰি গৈছিল ধৃত ব্যক্তিজনে৷
উজনিৰ পৰা হোজাইলৈ অহা প্ৰতিখন সুগন্ধী আগৰভৰ্তি ট্ৰাকে বৃহৎ পৰিমাণৰ ধন দিবলগীয়া হৈছিল প্ৰৱঞ্চকটোক৷ অৱশেষত হোজাই আৰক্ষীয়ে ৫৮৭/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত জাকিৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা বহু লোক হোজাই আৰক্ষীৰ কাষ চাপি গোচৰ তৰিছে৷
উল্লেখ্য যে, পূব ধনীৰাম পথাৰৰ আফতাৰুন নেচা নামৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ১লাখ ৪০ হাজাৰ টকা লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে যদিও এতিয়া নতুনকৈ বহুকেইটা গোচৰ ৰুজু কৰা হৈছে জাকিৰৰ বিৰুদ্ধে৷ বহুজনে ম্যাদ উকলি যোৱা চেক লৈ থানাত উপস্থিত হৈ জাকিৰৰ লুণ্ঠনৰ কাহিনী শুনাই গৈছে আৰক্ষীক৷ হোজাই আদালতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ধৃত জাকিৰক।
Leave A Comment