• আৰক্ষীৰ জেৰাত ন ন তথ্য ফাদিলঃ গ্ৰেপ্তাৰ হ’ব হত্যাকাৰীৰ মাতৃ!

    আঞ্চলিক
    আৰক্ষীৰ জেৰাত ন ন তথ্য ফাদিলঃ গ্ৰেপ্তাৰ হ’ব হত্যাকাৰীৰ মাতৃ!

    গুৱাহাটীঃ বুধবাৰে মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছিল এক শোকাৱহ হত্যাকাণ্ড৷ আৰক্ষীৰ তদন্তত ডিম্পল কুমাৱত হত্যাকাণ্ডৰ ন ন তথ্য ফাদিল হৈছে। হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব পাৰে ডিম্পলৰ জেঠায়েকো৷ আৰক্ষীৰ তীক্ষ্ণ নজৰত আশীকৰ মাতৃ তথা ডিম্পলৰ জেঠায়েক৷ প্ৰথমৰপৰা সকলো কথা গম পাইছিল অভিযুক্তৰ মাতৃগৰাকীয়ে৷





    জেৰাৰ বাবে আজি আৰক্ষীয়ে তলব কৰিব পাৰে আশীকৰ মাতৃক৷ আশীক আৰু মাতৃ দুয়োগৰাকীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ প্ৰতিটো প্ৰশ্নৰে মিছা উত্তৰ দি আহিছিল হত্যকাৰীজনে। অৱশেষত ফিংগাৰ প্ৰিণ্ট মিলি যোৱা বুলি কোৱাতহে সঁচা কথা প্ৰকাশ কৰে আশীকে।





    আশীকৰ সৈতে পটাগুটি আৰু প্ৰেচাৰ কুকাৰৰ ফিংগাৰ প্ৰিণ্ট মিলি যোৱা বুলি কৈছিল আৰক্ষীয়ে৷ তাৰ পাছতেই সকলো কথা স্বীকাৰ কৰে আশীকে। আজি আদালতত হাজিৰ কৰোৱা হ’ব আশীক গুপ্তাক৷ আৰক্ষীয়ে জেৰাৰ বাবে নিজৰ জিম্মাত বিচাৰিব আশীকক!